/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/65ef0f06-be5a-42b1-ba8c-da01b2bf531a/jonai_1.jpg)
জোনাইত অপৰিবৰ্তিত বানপৰিস্থিতিঃ মৃত্যকৰ সংখ্যা দুজনলৈ বৃদ্ধি...
ডিজিটেল সংবাদ জোনাইঃ বানবিধ্বস্ত জোনাই মহকুমাত বানপানীত মৃত্যুৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে। আজি সন্ধিয়া জোনাই মহকুমাৰ বগীনদী বেংঙলী গাঁৱৰ নিৱাসী সন্তোষ দাস (৭০) নামৰ লোকজন লোহিজান বজাৰত বজাৰ কৰি নিজৰ ঘৰলৈ গৈ থকা সময়ত লোহিজান নদীত পৰি কৰুণ মৃত্যু মুখত পৰে।
লোকজনৰ মৃত্যুদেহ পিছত ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত্যুৰ সময়ত সন্তোষ দাসে পাঁচ গৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি যায়। সন্তোষ দাসৰ কৰুণ মৃত্যুৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলায়। বানপানীত কৰুণ মৃত্যুক সাবটি লোৱা সন্তোষ দাসৰ মৃত্যদেহ মৰণোত্তৰ পৰীক্ষা বাবে জোনাই থানালৈ নি আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
ইপিনে দেওবাৰে সীমান্তৱৰ্তী জোনাই মহকুমাত বানবিভীষিকাৰ মাজতে পানীত পৰি এজন কিশোৰ কৰুণ মৃত্যু মুখত পৰে। জানিব পৰা মতে জোনাই মহকুমাৰ তেলাম কমন চেলেক গাঁৱৰ নিবাসী কৃষ্ণকান্ত পেগুৰ একমাত্ৰ পুত্ৰ জুৱেল পেগু নামৰ ১৬ বছৰীয়া কিশোৰজন দেওবাৰে বিয়লি দিখাৰী নদীৰ এটা সুঁতি পাৰ হবলৈ লওঁতে খৰস্ৰোতা দিখাৰী নদীৰ সোঁতে উঠোৱাই নিয়াত যুৱকজনৰ মৃত্যু হয়।
পিছত ৰাইজে যুৱকজনৰ মৃত্যদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বানপানীত তেলাম কমন চেলেক গাঁৱৰ নিবাসী কৃষ্ণকান্ত পেগুৰ একমাত্ৰ পুত্ৰ জুৱেল পেগুৰ কৰুণ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়।
ইপিনে জোনাই মহকুমাত বানপৰিস্থিতি অপৰিবৰ্তিত হৈ আছে। চিয়াং নদীৰ বলিয়া বানপানীত জোনাই মহকুমাৰ ওপৰ কবু শিৱগুৰি গাঁৱৰ সম্পূৰ্ণ ৰূপে আজিও বুৰ গৈ আছে। ওপৰ কবু শিৱগুৰি গাঁৱৰ ২০ টা পৰিয়ালে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে।
জোনাই মহকুমাৰ অন্তৰ্গত বাহিৰ জোনাই গাঁও পঞ্চায়তত বগীনদী, ৰোহিতপুৰ দেউৰী, বেৰা চাপৰি, টাৰি মাজগাঁও আদি বহু গাঁও শেহতীয়াকৈ বানত বুৰ গৈছে। তদুপৰি গালীয়াৰি, গালীঘাট অঞ্চলৰ যোৱা চাৰি দিন ধৰি বানপানীৰ কৱলত আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/78e1312c-d4ec-41e1-aa05-88e9608fdda0/d45889fc-8822-433c-b119-6c42762c9bd0.jpg)
মহকুমাধিপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ
কৃষক মুক্তি সংগ্রাম সমিতিৰ জোনাই মহকুমা সমিতিৰ সভাপতি হেমপ্রসাদ পেণ্ড, কাৰ্যকৰী সভাপতি নাচিব আলি আৰু সম্পাদক চতিশ পাৱই স্বাক্ষৰ কৰি আজি জোনাই মহকুমাধিপতিক এক স্মাৰক পত্ৰ প্ৰদান কৰি শেহতীয়া বানপানীৰ সৈতে তৎপৰতাৰে মোকাবিলা কৰিবলৈ আহ্বান জনাইছে। স্মাৰক পত্ৰত যোৱা ২৭ জুনৰ পৰা ধেমাজি জিলাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জোনাই মহকুমাৰ জোনাই ৰাজহ চক্রৰ অন্তৰ্গত বেৰাচাপৰি, বদলপুৰ, কাংকান চাপৰি, লম্বা চাপৰি, লম্বা মিচিং গাঁও, অপস্বৰা, চেঙাজান কৈবর্ত, চেঙাজান গলা, বগৰিবাৰী, নিলখীয়া, বাহবালী, বিলপাৰ, ২ নং চিৰামপুৰীয়া, কান্দংচুক, বিজয়পুৰ দেউৰী, ভেকেলী গাঁও, মধ্য লক্ষীপুৰ, মেম্বাৰচুক, উত্তৰ কাৰ্দ্দংচুক, ডিমৌগুৰিকে আদি গাঁও অঞ্চল বহ্মপুত্র আৰু লালী নদীৰ লগতে বিভিন্ন নদীৰ বাঢ়নি পানীত বুৰ গৈছে।
উক্ত বানপীড়িত গাঁৱৰ সাধাৰণ জনতা তথা পশুধনৰ বাবে তাৎক্ষণিকভাৱে নিৰাপদ স্থানত আশ্রয় শিবিৰ স্থাপন কৰা, আশ্রয় শিবিৰত থকা শিশুসকলৰ বাবে পুষ্টিকৰ খাদ্য যোগান ধৰাৰ ব্যৱস্থা গ্রহণ কৰা, বন্যাৰ্তৰ মাজত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্রী, কাপোৰ আৰু বিশুদ্ধ খোৱাপানী যোগান আৰু বানপীড়িত অঞ্চলৰ পশুধনৰ খাদ্য যোগান ধৰাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3ede9396-d8af-4768-8edc-15545540a89d/33c7f766-4a26-4621-85b4-f0231cf26294.jpg)
জোনাইৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী সঞ্জয় কিষাণে
ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে আজি জোনাই মহকুমালৈ আহি বানপৰিস্থিতি বুজ লয়। মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে আজি বিয়লি জোনাইত উপস্থিত হৈ জোনাই মহকুমা প্ৰশাসনৰ সৈতে শেহতীয়া বানপৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে।
তদুপৰি ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ আৰু জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে জোনাই মহকুমাৰ চিয়াং নদীৰ বান সৰ্বস্বান্ত হৈ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিবিৰত আশ্ৰয় লৈ থকা শিৱগুৰিৰ গাঁৱৰ বানাক্ৰান্ত ৰাইজক সাক্ষাত কৰে।
মন্ত্ৰীগৰাকীয়ে উপযুক্ত পৰিমাণে খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, ঔষধ আদিকে ধৰি সকলো প্ৰকাৰৰ আৱশ্যকীয় সা-সুবিধা বান পীড়িত ৰাইজক প্ৰদান কৰিবলৈ প্ৰশাসকক নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/732c6f93-56d2-47ac-a4f6-112f2232770f/89bf15e9-0b99-491f-b530-a48f3b9f1fba.jpg)
মুৰ্কংচেলেক মহাবিদ্যালয়ৰ বান পীড়িতৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
জোনাই মহকুমাৰ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ তৰফৰ পৰা আজি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিবিৰত আশ্ৰয় লৈ থকা জোনাই মহকুমাৰ শিৱগুৰি গাঁৱৰ ২১ টা পৰিয়ালৰ ৫২ গৰাকী লোকৰ মাজত বিভিন্ন অত্যাৱশকীয় সামগ্ৰী বিতৰণ কৰে। মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলেয়ে জানিব দিয়া মতে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটৰ পৰা আশ্ৰয় শিবিৰ লোকসকলৰ মাজত আলু, তেল, চাবোন, পিঁয়াজ, চাহ, চেনী, বিস্কুট, গাখীৰ আদি বিভিন্ন ১২ টা বিধৰ অত্যাৱশকীয় সামগ্ৰী বিতৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b33730e4-841d-4763-afb2-a5cd451bb2f3/f87db4c6-e7f6-469b-b761-bca39245942f.jpg)
Also Read: উলুৱনী আৰক্ষী থানাৰ OC ৰ বিৰুদ্ধে কৰ্তব্যৰত অধিবক্তা-সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ...