চিচিবৰগাঁৱত জোনাই জিলা চুতীয়া জাতি মহিলা সমাৰোহ...

চুতীয়া জাতিৰ পতাকা উত্তোলন, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ দুপৰীয়া এক বৃহৎ সজাগতা সমদল বাহিৰ কৰা হয় ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিচিবৰগাঁওঃ   সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত তথা জোনাই জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ সহযোগত আজি চিচি বৰগাঁৱৰ সাধনী স্মৃতি ভৱনত দিনজোৰা কাৰ্যসূচীৰে জোনাই জিলা চুতীয়া জাতি মহিলা সমাৰোহখনি অনুষ্ঠিত কৰা হয় ।

চুতীয়া জাতিৰ পতাকা উত্তোলন, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ দুপৰীয়া এক বৃহৎ সজাগতা সমদল বাহিৰ কৰা হয় । ইয়াৰ পিছতে আৰম্ভ হোৱা মুকলি সভা আৰু আলোচনা চক্ৰৰ সঞ্চালনা কৰে জোনাই জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী গুলপ্ৰভা চুতীয়াই । 

সম্পাদিকা ৰুবী চুতীয়াই আঁত ধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম চুতীয়া জাতি যুৱ সন্মিলনীৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই। সভাত সদৌ অসম চুতীয়া সন্মিলনৰ সভাপতি বিবুল হাজৰিকা, প্ৰশাসনিক সম্পাদক নৃপেন শইকীয়া, প্ৰাক্তন সভাপতি অমিয় বৰা, কাৰ্যনিৰ্বাহক সদস্য গিৰিন চুতীয়া, সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী জয়া বৰুৱা, সাধাৰণ সম্পাদিকা অৰ্পনা চুতীয়া, সম্পাদিকা বৰ্ণালী চুতীয়া, কাৰ্যকৰী সভানেত্ৰী গুণ চুতীয়া, যুৱ লেখিকা কস্তুৰী চুতীয়াকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

অতি শীঘ্ৰে চুতীয়াসকলৰ সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে ।

চিচিবৰগাঁও