/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/fb68f744-decb-436f-a97c-00b0c21c4f7b/gana.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি সদৰ আৰক্ষীয়ে এক গোপন অভিযান চলাই গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। মঙলবাৰে ধেমাজি নগৰৰ সমীপৰ ২ নং ভৰালী চুকত মাটিৰ তলত পকী চেম্বাৰ বনাই লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে গৈ ১ কইন্টল ৫ ০ কেজি গাঞ্জা জব্দ কৰা লগতে টিপুল দত্ত(৪২) নামৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
প্ৰথম অৱস্থাত ঘৰৰ পকী মজিয়াৰ তলত বনাই থোৱা চেম্বাৰৰ পৰা ১১ কেজি গাঞ্জা জব্দ আৰক্ষীয়ে কৰিছিল ৷ ব্যৱসায়ী টিপুল দত্তক গ্ৰেপ্তাৰ কৰা পিছত তেওঁৰ স্বীকাৰোক্তি ভিত্তিতে আমুলগুৰিৰ এটা ঘৰৰ পৰা প্ৰায় আৰু ১ কইন্টল ৪০ কেজি গাঞ্জা জব্দ কৰা লগতে সৰ্বমুঠ প্ৰায় ১ কুইণ্টল ৫০ কেজি গাঞ্জা ধেমাজি আৰক্ষীৰ জব্দ কৰে ৷
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা গাঞ্জা ব্যৱসায়ীক ধেমাজি আৰক্ষীয়ে জেৰা অবাহত ৰাখিছে ৷
আৰু পঢ়ক: টকাৰ সলনি পাথৰ! নগাঁৱত যুৱকক প্ৰৱঞ্চনা কৰা ভণ্ড বাবাক আটক
Related Stories
ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলত মন্দিৰ, গীৰ্জা সহ ৯০ টা বাসগৃহ উচ্ছেদ
Asomiya Pratidin1 hour ago
বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো অসুস্থ
Asomiya Pratidin1 hour ago
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, প্ৰেমিকে হত্যা কৰিলে বিবাহিতা মহিলাৰ স্বামীক
Asomiya Pratidin2 hours ago
মাজুলীৰ নৱ নিযুক্ত উপায়ুক্তক বিভিন্ন দল-সংগঠনৰ উষ্ম আদৰণি
Asomiya Pratidin2 hours ago