/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d4d77ae6-ba36-4f42-93d9-c92387783d3a/asurjya.jpg)
কন্ঠশিল্পী আচাৰ্য বৰপাত্ৰ
ডিজিটেল ডেস্কঃ যোৱা ২ মে'ৰ পৰা আৰম্ভ হোৱা চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱৰ সোণালী জয়ন্তী সমাৰোহৰ শনিবাৰে সামৰণি পৰিল । অন্তিম দিনা নিশা প্ৰায় কুৰি সহস্ৰাধিকৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ'ল বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী ।
নিশা প্ৰায় দহ বজাৰ পৰা আৰম্ভ হ'ল কন্ঠশিল্পী আচাৰ্য বৰপাত্ৰৰ গীতৰ শঁৰাই । এটাৰ পিছত এটাকৈ পৰিৱেশন কৰিলে বহু জনপ্ৰিয় গীত ।
উল্লাসিত দৰ্শক ৰাইজে নাচি বাগি জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আৰু সহযোগীতাই উৎসাহিত কৰি তুলিলে কন্ঠশিল্পীজনক।
অন্তিম দিনা আয়োজক সমিতিৰ সভাপতি তথা সাংসদ প্ৰদান বৰুৱা আৰু সম্পাদক তথা বিধায়ক ভূৱন পেগুৰ লগতে প্ৰথম শাৰীৰ দৰ্শক হিচাপে উপস্থিত থাকিল ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি ।
কিন কিনিয়া বৰষুণৰ সুবিধা গ্ৰহন কৰি অন্তিম নিশাও বোকা নৃত্যত মচগুল হৈ পৰিল বিহু বলীয়া যুৱক ।
আচুৰ্যৰ জনপ্ৰিয় গীতৰ তালে তালে হেঁপাহ গুচাই নৃত্য কৰিলে উদণ্ড যুৱক সকলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/dffe6369-8c86-4ce3-b69e-551aa7218d9e/847567cf_b51a_442a_bae2_16b366af563b.jpg)
Also Read: দিলীপ শৰ্মা-সুদক্ষিণা শৰ্মাৰ সুযোগ্য সন্তান ঋষিৰাজ শৰ্মা আৰু নাই...