/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b93b69c9-40dc-4da1-96c1-b84c9a508bb4/WEB_THUM_Swakharata.jpg)
ডিজিটেল সংবাদ, ধেমাজি: "শিশুৰ শিক্ষাগ্ৰহণত বুনিয়াদী স্তৰটোৰ যথেষ্ট গুৰুত্ব আছে। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা হ'ল- ভাষা শিকনৰ প্ৰধান কৌশলসমূহৰ লগতে দৈনন্দিন জীৱনত গাণিতিক প্ৰয়োগৰ কৌশলসমূহ ছাত্র-ছাত্ৰীয়ে আয়ত্ব কৰা আৰু ব্যৱহাৰিক প্ৰয়োগৰ সামৰ্থ্য লাভ কৰা।
এই নিপুণ অসম(FLN) মিছন অনুসৰি ২০২৬-২৭ চনৰ ভিতৰত তৃতীয় শ্ৰেণীলৈকে সকলো ছাত্র-ছাত্ৰীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিকনৰ লক্ষ্যসমূহ আয়ত্ব কৰিব লাগিব। ইয়াৰ বাবে শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও পূৰ্ণ সহযোগিতা আগবঢ়াব লাগে বুলি মন্তব্য ধেমাজি জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাৰ।
আজি সমগ্ৰ শিক্ষা ধেমাজিৰ সৌজন্যত ধেমাজি জিলাৰ ডিমৌ, উত্তৰ চিমেনমুখ আৰু দীপা সমলকেন্দ্ৰৰ শিক্ষকসকলৰ সহযোগত দিজমুৰ হিন্দু প্ৰাথমিক বিদ্যালয়ত সোমবাৰে জিলাভিত্তিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমগ্ৰ শিক্ষা ধেমাজিৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা দিৱস(FLN)ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে কয় যে নিপুণ অসমৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব।
অনুষ্ঠানটিৰ দিনজোৰা কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰাৰ পিছতেই ছাত্র-ছাত্ৰী আৰু শিক্ষকৰ দ্বাৰা নিপুণ অসমৰ শীৰ্ষ গীত পৰিৱেশন কৰা হয়। ইয়াৰ পিছত উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ দ্বাৰা নিপুণ অসমৰ সংকল্প গ্ৰহণ কৰা হয়।
জিলাভিত্তিত অনুষ্ঠিত কৰা এই দিৱসটোৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক লেনিনজ্যোতি চুংক্ৰাংয়ে। নিপুণ অসম দিৱসৰ লগত সংগতি ৰাখি ছাত্র-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। "ককা আইতাৰ সাধু" শিতানত গাঁৱৰ বয়োজেষ্ঠ ব্যক্তি সদানন্দ চুতীয়া আৰু ৰীণা চুতীয়াই সাধু কথনেৰে উপস্থিত ছাত্র-ছাত্ৰীৰ লগতে অভিভাৱকসকলক আমোদ দিয়ে।
অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে "ছৱি চাই কথন" শীৰ্ষক অনুষ্ঠানত ভাগ লৈ কথনৰ বিভিন্ন কৌশলসমূহ প্ৰদৰ্শন কৰে। এই অনুষ্ঠানটোত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিৰ গাণনিক বিষয়া পম্পা দেৱনাথ, ধেমাজি জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জেষ্ঠ প্ৰৱক্তা জুনিছ পাতিৰ, প্ৰৱক্তা পবিত্ৰ কুমাৰ দাস, নিপুণ অসম(FLN) ৰ জিলা পৰামৰ্শদাতা ৰশ্মি দলে, ধেমাজি শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি কনক গগৈ, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ডম্বৰু দিহিঙীয়া, খণ্ড গাণনিক ৰঞ্জিত কলিতাই উপস্থিত থাকে।
আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাগলীকটা বেংগলী প্ৰাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ডিমৌ চাৰিআলিত বাটৰ নাট প্ৰদৰ্শন কৰে। তদুপৰি শিক্ষক মহানন্দ খাউণ্ডৰ পৰিচালনাৰে "FLN day" নামেৰে এখন নাটিকা শিক্ষক অভিভাৱকসকলে পৰিৱেশন কৰে। বিদ্যালয়খনৰ জেষ্ঠ শিক্ষক বিনোৱা শইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক গুণবিকাশ পেগু আৰু দেৱজিৎ ভূঞাই।
Also Read: উভতনি যাত্ৰা: ক্ষতিগ্ৰস্থ এখন মহাকাশযান!