
ডিজিটেল সংবাদ, ধেমাজি : নতুন পেঞ্চন আচঁনি শীঘ্ৰে বাতিল কৰা, কৰ্মচাৰী সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আচঁনি প্ৰবৰ্ত্তন কৰা, শিক্ষকসকলৰ আৰ্জিত ছূটি ৩০ দিনলৈ বৃদ্ধি কৰা, একত্ৰিকৰন হোৱা বিদ্যালয়সমূহৰ শিক্ষক -শিক্ষয়িত্ৰী সকলক স্নাতক পৰ্যায়ত দৰমহা দিয়া ব্যৱস্থা কৰা, শিক্ষানুষ্ঠান সমূহত স্থায়ী প্ৰধান শিক্ষক/ অধ্যক্ষকৰ নিযুক্তি ব্যৱস্থা কৰাকে ধৰি কৰ্মচাৰী পৰিষদৰ ২১ টা সমস্যা সমাধানৰ দাবীত ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ শতাধিক কৰ্মচাৰীয়ে সোমবাৰে বিয়লি ৩.০০ পৰা ৪.৩০ বজাৰলৈকে ডেৰ ঘন্টাতকৈ অধিক সময় ধৰি ধেমাজি কাছাৰী ময়দানৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে ।
কাৰ্য্যসূচীৰ অন্তত স্হলেতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মোহন প্ৰসাদৰ পৰিচালানাত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাৰ আতঁ ধৰে জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক দিব্য দত্তই ৷ প্ৰতিবাদী সভাত কৰ্মচাৰী সকলৰ সমস্যাসমূহ শীঘ্ৰেই চৰকাৰে কাৰ্য্যকৰী কৰাৰ দাবী জনাই ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদক বিপুল শৰ্মা, ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি গকুল চুতীয়া, ধেমাজি উচ্চতৰ মাধ্যমিক শিক্ষক সন্হাৰ হৈ আকাশ বন্তি গগৈ, ধেমাজি জিলা বিদ্যালয় সমূহৰ সহায়ক সন্হাৰ সম্পাদককে ধৰি জিলা খনৰ বিভিন্ন বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰী আৰু বিদ্যালয় সমূহৰ শিক্ষক কৰ্মচাৰী সকলে উপস্থিত থাকি বক্তব্য ৰাখে ৷ সভাৰ শেষত ধেমাজি জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ ২১ দফীয়া সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷