ধেমাজিত কেন্দ্ৰীয় সত্ৰীয়া সাংস্কৃতিক দিৱস আৰু সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি ৰূপালী জয়ন্তী উদযাপন

সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্য্যকৰী সভাপতি যদুমনি গোস্বামীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটিত আদৰণি ভাষণ দিয়ে সদৌ অসম সত্ৰ মহাভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীয়ে ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 10.28.32 AM

ডিজিটেল সংবাদ,ধেমাজিঃ সদৌ অসম সত্ৰ মহাসভাৰ ধেমাজি জিলাৰ উদ্যোগত কেন্দ্ৰীয় সত্ৰীয়া সাংস্কৃতিক দিৱস আৰু সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপনৰ কাৰ্য্যসূচী
বৃহস্পতিবাৰে ধেমাজি  ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷

WhatsApp Image 2025-11-21 at 9.35.55 AM

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচী শেষদিনা বৃহস্পতিবাৰে পুৱা উষা কীৰ্তনৰে শুভাৰম্ভণি কৰা হয় ৷ নাম প্ৰসংগ, সাংস্কৃতিক শুভাযাত্ৰা, ভাগৱত পাঠৰ পিছতেই বিয়লি ১ বজাত মুকলি সভা অনুষ্ঠিত হয় ৷

WhatsApp Image 2025-11-21 at 9.35.42 AM

সদৌ অসম সত্ৰ মহাসভাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৰাজ্যপাল গৰাকীয়ে বক্তব্যত অসমীয়াৰ আত্মাৰ সত্ৰীয়া সংস্কৃতিৰ মৌলিক চৰিত্ৰ সমূহৰ বিষয়ে উঠি অহা ল'ৰা ছোৱালী সকলক শিকাবলৈ তেওঁ গুৰুত্ব আৰোপ  কৰা লগতে আধ্যাত্মিক জ্ঞান দৰ্শনৰ  সম্পৰ্কে ৰাজ্যপালে প্ৰায় ২০ মিনিট সময় ধৰি বক্তব্য ৰাখে ৷

WhatsApp Image 2025-11-21 at 9.36.27 AM

সভাৰ আৰম্ভণি পূৰ্বে ৰাজ্যপালে অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে ৷ সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্য্যকৰী সভাপতি যদুমনি গোস্বামীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটিত আদৰণি ভাষণ দিয়ে সদৌ অসম সত্ৰ মহাভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীয়ে ৷

সভাত মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰধিকাৰ জনাৰ্দন গোস্বামী, দক্ষিণপাট সত্ৰৰ সত্ৰধিকাৰ ননীগোপাল দেৱ গোস্বামী, ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া আৰু অসমৰ বিভিন্ন জিলাৰ বিভিন্ন সত্ৰৰ পৰা তিনি শতাধিক সত্ৰাধিকাৰ উপস্থিত থাকে।

WhatsApp Image 2025-11-21 at 9.36.28 AM

লগতে সহস্ৰাধিক ভকত বৈষ্ণৱ, আই মাতৃ আৰু ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ , জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ লগতে জিলা প্ৰশাসনৰ  অন্যান্য বিষয়া কৰ্মচাৰী সকলেও এই সভাত অংশগ্ৰহণ কৰে।

সভাত ৰাজ্যপালৰ দ্বাৰা যোৰহাটৰ জগত মহন্ত, নাহৰকটীয়া সত্ৰধিকাৰ গজেন মহন্ত আৰু যোৰহাটৰ সত্ৰাধিকাৰ বিপুল গোস্বামীক জীৱনযোৰা সাধনা বঁটা লগতে দৈনিক অসমৰ জ্যেষ্ঠ উপ সম্পাদক যশোৱন্ত শৰ্মাক সংবাদ জ্যোতি বঁটা প্ৰদান কৰা হয়।

তাৰোপৰি ৰাজ্যৰ পাঁচ গৰাকী বিশিষ্ট ব্যক্তি তথা সত্ৰধিকাৰক এই সভাত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত  বৰগীত,সত্ৰীয়া আৰু খোলবাদন পৰিবেশন কৰা হয় ৷

সদৌ অসম সত্ৰ মহাসভা