ধেমাজিত ১৫ টা গাওঁ পঞ্চায়তৰ অমৃত কলহ যাত্ৰাৰ সামৰণি

ধেমাজিত ১৫ টা গাওঁ পঞ্চায়তৰ অমৃত কলহ যাত্ৰাৰ সামৰণি

ডিজিটেল সংবাদ ,ধেমাজি: 'মোৰ মাটি মোৰ দেশ' অমৃত কলহ যাত্ৰাৰ কাৰ্য্যসূচীত সোমবাৰে ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ ১৫ টা গাওঁ পঞ্চায়তৰ পৰা অহা ৰাইজে গায়নে-বায়নে সাংস্কৃতিক শোভাযাত্ৰাৰে কৰি আহি পুৱা ১১ বজাত ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰন কাৰ্য্যালয়ৰ চৌহদত সহস্ৰাধিক ৰাইজে সমবেত হয় ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত বিভিন্ন গাওঁ পঞ্চায়তৰ অহা সংগৃহীত কলহ সমূহৰ মাটিখিনি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবীন কামানে মৰ্যাদা সহকাৰে ৰাজহুৱাভাৱে গ্ৰহন কৰে ৷

সোমবাৰে অনুষ্ঠিত হোৱা এই অমৃত কলহ যাত্ৰাৰ অনুষ্ঠানত ধেমাজি বিধায়ক তথা শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগু, লখিমপুৰ লোক সভা সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোৱঁৰ, দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য সদস্য ভৈৰৱ দেউৰীৰ প্ৰমুখ্যে আঞ্চলিক আৰু গাওঁ পঞ্চায়তৰ প্ৰতিনিধিসকলে উপস্থিত থাকে৷

কাৰ্য্যসূচীৰ আৰম্ভণিতে শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগুৱে অমৃত কলহ যাত্ৰাৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ সভাত ধেমাজি বীৰ শ্বহীদৰ ২টা পৰিয়ালক সম্বধৰ্না জনায়৷

ধেমাজিত ১৫ টা গাওঁ পঞ্চায়তৰ অমৃত কলহ যাত্ৰাৰ সামৰণি
কাজিৰঙাত উত্তৰ পূৰ্বাঞ্চলৰ টাইগাৰ ৰিজাৰ্ভৰ উচ্চস্তৰীয় বৈঠক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in