/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b5db6f0a-0552-4aa9-bafe-15783346ca84/23.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি শংকৰদেৱ বিদ্যা নিকেতনত দুদিনীয়াকৈ অনুষ্ঠিত ৩৪ সংখ্যক পণ্ডিত ৰজনীকান্ত দেৱ শৰ্মা সোঁৱৰণী ক্ষেত্ৰীয় ক্ৰীড়া সমাৰোহ ২০২৪ৰ সামৰণি পৰে। দবা আৰু যোগাসন খেলৰে বুধবাৰে উক্ত ক্ৰীড়া সমাৰোহৰ সামৰণি পৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b76328f2-e9f4-4aaf-8055-627668542ba0/e319a8e5-ca53-4557-b72a-ae2f840cf66f.jpg)
উল্লেখযোগ্য যে বিদ্যা ভাৰতী আৰু অখিল ভাৰতীয় শৈক্ষিক সংগঠনৰ অন্তৰ্গত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত কৰা হৈছিল ক্ৰীড়া সমাৰোহখনি। এই সমাৰোহত ৭ খন ৰাজ্যৰ ৪শৰো অধিক ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3e7cf969-a04d-468f-9c26-56e28aab5001/66cd8265-f80c-4c00-844a-fdb2ef881559.jpg)
প্ৰথমদিনা ক্ৰীড়া সমাৰোহখনি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে ধেমাজি জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে ৷ উদ্ধোধনী ভাষণত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে খেলুৱৈ তথা ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনা কৰাৰ লগতে খেলৰ জৰিয়তে শাৰীৰিক, মানসিক,আধ্যাত্মিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c22ee7c6-f6ea-4601-b943-fa649c1881ab/c24068f7-2b1d-4e78-a692-96fc9b51a3d8.jpg)
উদ্ধোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম শিশু শিক্ষা সমিতিৰ সাধাৰণ সম্পাদক কুলেন্দু কুমাৰ ভাগৱতী। তেঁও পোনতে খেলুৱৈসকলক শুভেচ্ছা জনায়। এই খেলৰ জৰিয়তে অনাগত দিনত আৰু ভালকৈ খেলি ৰাষ্ট্ৰীয় পৰ্যায়তো অংশগ্ৰহণ কৰা অৰ্হতা কৰিবলৈ আহ্বান জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6e0b9933-0437-4c59-9aea-68c20dde84f1/dd4c36db-6dde-4acb-a938-47ac11144bfc.jpg)
খেলুৱৈ তথা ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যত বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ লগতে খেলত সমানে আগবাঢ়ি যাব লাগিব বুলি কুলেন্দু কুমাৰ ভাগৱতীয়ে মন্তব্য কৰে৷ লগতে খেলৰ জৰিয়তে ছাত্ৰ -ছাত্ৰীসকলৰ মানসিক মস্তিষ্কৰ বিকাশৰ বৃদ্ধি হয় বুলিও অৱগত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4e0f9718-d946-4b62-86a0-aeb1b22a35f5/557e53c0-ca2a-40e4-a9aa-3b297dbc6458.jpg)
ক্ৰীড়া সমাৰোহৰ সামৰণি পৰ্বত আদৰনী সমিতিৰ সভাপতি কৃষ্ণ বৰদলৈ, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় ক্ৰীড়াৰ মুৰবী ৰনজিৎ শইকীয়া, সংঘমিত্ৰা বৰা শইকীয়া, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ দেউৰী, নেমিচন কাব্ৰা, ৰানা দেউৰী, যুগল নেওগ, কৰবী দেউৰী উপস্থিত থাকে। ইয়াৰোপৰি শংকৰদেৱ বিদ্যা নিকেতন ধেমাজিৰ অভিভাৱকসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5aba23bd-8631-4899-b609-e2965100065c/5ab465c9-3f6f-4799-b5c1-32e7909eb34a.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উদ্ধোধনী অনুষ্ঠানত ৰাণী সোণোৱালক আদৰনী সমিতিয়ে গামোচা, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়৷ ক্ৰীড়া সমাৰোহত অনুষ্ঠিত দবা খেলত ২৪ জনে ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হয়। লগতে যোগাসনত ৩২ গৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হয়। ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত খেলুৱৈসকলক সম্বৰ্ধনা আৰু মানপত্ৰ প্ৰদানৰে সন্মান জনোৱা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/40dd1a02-af83-480e-be84-249bd9066e7f/7fa8c93e-08a6-4986-892c-544ce75b4120.jpg)
Also Read: ৰহাৰ দীঘলদৰি শংকৰ নগৰত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ