পুনৰ ধেমাজিলৈ ৰে’ল চলাচল আৰম্ভ

পুনৰ ধেমাজিলৈ ৰে’ল চলাচল আৰম্ভ

ডিজিটেল সংবাদ, ধেমাজিঃ মঙলবাৰৰ পৰা পুনৰ ধেমাজিলৈ আৰম্ভ হৈছে ৰে'ল চলাচল। ১৪ ছেপ্টেম্বৰৰ পুৱাৰ পৰা ধেমাজিলৈ ৰেল সেৱা ব্যাহত হৈ আছিল। জীয়াঢলৰ বাঢ়নি পানীয়ে এখন ৰে'লৰ দলঙৰ এটা মূৰ খহাই নিয়াৰ ফলত চাৰিদিন ধৰি এই সেৱা বন্ধ কৰিবলগা হৈছিল ৰেল বিভাগে।

তাৰফলত কেবাখনো ৰে'ল চলাচল বাতিল কৰিছিল। উত্তৰ-পূৱ সীমান্তৰ ৰেল বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে, ৰেল পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে আৰু আজিৰ পৰা স্বাভাৱিকভাৱে ৰে'ল চলাচল হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in