/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0687a655-9f4e-4ecd-8c3d-8c58da0389f0/dhemaji.jpg)
dhemaji
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল কুমাৰ দেউৰীৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ উপলক্ষে সোমবাৰে ধেমাজি জিলা গ্ৰাম্য অভিকৰণৰ সভাকক্ষত এখনি বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ সভা অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে ধেমাজি খণ্ড উন্নয়ন বিষয়া নবীন কামানে ৷
সভাত ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, ধেমাজিৰ অতিৰিক্ত উপায়ুক্তদ্বয় নন্দিতা বৰুৱা, মিৰ্জানা হুচেইন, ধেমাজি সদৰ মহকুমাধিপতি নন্দিতা ৰয় বৰগোহাঁই, সহকাৰী আয়ুক্তদ্বয় টিলিনা টাইড, মিত্ৰা বৃন্দা গগৈ, ধেমাজি নিৰ্বাচনী বিষয়া ৰুবী ৰায়, ধেমাজি সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ইজাজ হুছেইন, এন আৰ এল এমৰ বিষয়া -কৰ্মচাৰী সকল, এছ আৰ আই ডিৰ বিষয়া কৰ্মচাৰী সকল, ধেমাজিৰ খণ্ড উন্নয়ন বিষয়া নবীন কামান, বৰদলনিৰ খণ্ড উন্নয়ন বিষয়া সংগীতা সৰকাৰকে আদি কৰি বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীৰ লগতে ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে উপস্থিত থাকে ৷
সভাৰ অন্তত সকলোৰে মাজৰে পৰা অশ্ৰু নয়নে বিদায় ল'লে ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া প্ৰফুল্ল কুমাৰ দেউৰীয় ভাষণত তেওঁ বিভিন্ন সময়ৰ বিভিন্ন পদত, ধেমাজি , জোনাই চিচিবৰগাঁৱত নিষ্ঠাসহকাৰে সুদীৰ্ঘ ১১ বছৰে সফলতাৰে কাৰ্য্যনিৰ্বাহ কৰি শেহতীয়াকৈ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া দায়িত্বত থাকি জিলাখনলৈ দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান কঢ়িয়াই অনা বিষয়ে উল্লেখ কৰি সকলোকে ইয়াৰ বাবে ধন্যবাদ জনায় ৷
ধেমাজি জিলা পৰিষদ আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সৌজন্যত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া প্ৰফুল্ল কুমাৰ দেউৰীক আজি অৱসৰকালীন মুহূৰ্তত বিদায় সম্বৰ্ধনা জনায় ৷ এই উপলক্ষে জিলা গ্ৰামোন্নয়ন প্ৰেক্ষাগৃহত এখনি বিদায় সভাৰ আয়োজন কৰা হয় ৷
অৱসৰকালীন বিষয়া প্ৰফুল্ল কুমাৰ দেউৰীক আটাইকেইটা কাৰ্যালয়ৰ পৰা এখনকৈ সঁফুৰা, ফুলাম গামোছা, চেলেং চাদৰ, জাপি, সম্বৰ্ধনা, প্ৰফুল্ল দেউৰীৰ ছবি অংকন কৰা এখন বৃহৎ আকাৰৰ ফটো, কিতাপৰ টোপোলা, ধৰ্মগ্ৰন্থ, আদি অখংখ্য সামগ্ৰীৰে সম্বৰ্ধনা জনায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us