ডিজিটেল সংবাদ, ধেমাজিঃ আৰক্ষী বিভাগৰ কৰ্মৰত অৱস্থাত তদন্তমূলক পাৰদৰ্শিতাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ধেমাজি জিলাৰ উপ- আৰক্ষী অধীক্ষক ড° ৰশ্মিৰেখা শৰ্মালৈ ২০২১ বৰ্ষৰ এক্সচিলেঞ্জ ইন ইনভেষ্টিগেশ্বন (Excellence in Investigation ) বঁটা ঘোষণা কৰিছে বৃহস্পতিবাৰে ৷ চলিত বৰ্ষৰ ৬ জুনত ধেমাজি জিলাত উপ-আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা ড° ৰশ্মি ৰেখা শৰ্মাই ২০১০ চনত প্ৰথম বাৰৰ বাবে অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আৱকাৰী বিভাগত যোগদান কৰিছিল৷
পিছত আকৌ ২০১৩ চনত দ্বিতীয় বাৰলৈ অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি পোৱা শৰ্মাই দেৰগাঁওত প্ৰশিক্ষণ লৈ দৰং জিলাত উপ-আৰক্ষী অধীক্ষক, ২০১৫ চনত মাকুমত দ্বিতীয় এপিবিএনৰ সহকাৰী কামাণ্ডডেন্ট, ২০১৬ চনত উত্তৰ-লখিমপুৰ জিলাত উপ- আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা পিছতেই পৰবৰ্তী সময়ত শোণিতপুৰ জিলাতো উপ- আৰক্ষী-অধীক্ষক হিচাপে থকা কৰ্মৰত অৱস্থাত তেওঁ এটা বৃদ্ধ ইংল' ইণ্ডিয়ান দম্পত্তিৰ লোমহৰ্ষক ও জঘন্য হত্যাকাণ্ডৰ অপৰাধী সকলক অতি ক্ষিপ্ৰতাৰে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷
এনে সফলতাৰ বাবেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় বিভাগৰ পৰা এই বঁটা পাবলৈ সক্ষম হোৱা বুলি তেওঁ জানিবলৈ দিয়ে ৷ জানিব পৰা মতে, উপ- আৰক্ষী অধীক্ষক ড° ৰশ্মিৰেখা শৰ্মাৰ ঘৰ গহপুৰ অঞ্চলৰ ধেনুধৰা গাঁৱত ৷ তেওঁ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ফনীন্দ্ৰ শৰ্মা ও গহপুৰ বড়ো হাইস্কুলৰ শিক্ষয়িত্ৰী বীনা শৰ্মাৰ জ্যেষ্ঠ কন্যা ৷ তেওঁৰ স্বামী ৰাজীৱ শৰ্মা ওদালগুৰি অঞ্চলৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা ৷