/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/tracking-ajanta-meog.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ প্ৰকৃতিৰ বনৰীয়া ফুলৰ উপত্যকা নাগালেণ্ডৰ জুক' ভেলিত পৰ্বত বগাবলৈ যোৱা অসমৰ এগৰাকী পৰ্যটকৰ মৃতদেহ উদ্ধাৰ কৰিছে বিছেমাৰ আংগামী য়ুথ অৰ্গেনাইজেচনে। ছাউদান আংগামী য়ুথ অৰ্গেনাইজেচনে প্ৰকাশ কৰা মতে, যোৱা ১৬ জানুৱাৰীত অসমৰ ধেমাজি জিলাৰ গোগামুখৰ চাৰি গৰাকী যুৱকে নাগালেণ্ডৰ জুকু উপত্যকালৈ ট্ৰেকিঙ কৰিবলৈ আহিছিল। কিন্তু ১৭ জানুৱাৰীত ইয়াৰে বসন্ত নাথ নামৰ যুৱকজনক জুকু ভেলিত ৰেষ্টত কেম্পত পুৱা মৃত্যু অৱস্থাত উদ্ধাৰ কৰে ।
জানিব পৰা মতে, বসন্ত নাথ নামৰ যুৱকজনৰ মৃত্যুৰ পিছতে লগৰীয়া কেইজনে জুক ভেলিৰ পৰ্যটন বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষক কোনো খবৰ নিদিয়াকৈ পলায়ন কৰে। ঘটনাৰ পিছত ছাউদান আংগামী য়ুথ অৰ্গেনাইজেচনৰ ৩০ গৰাকী স্বেচ্ছাসেৱক আৰু খুজমা থানাৰ অ'চিৰ সহায়ত বসন্ত নাথৰ মৃত্যুদেহটো জুকু ভেলিৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে বিছেমা লৈ কঢ়িয়াই আনে ।
খুজমা আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি যুৱকজনৰ মৃত্যু স্বাভাৱিক আছিল। খুজমা আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ ২৩ জানুৱাৰীত পৰিয়ালক চমজায় দিয়ে। উল্লেখযোগ্য যে, জুকু ভেলিত পৰ্যটকৰ এনে মৃত্যুৰ পিছত ছাউদান য়ুথ অৰ্গেনাইজেচনে পৰ্বত আৰোহণ ক্ষেত্ৰত সম্পূৰ্ণ গাইড লাইন পালন কৰিবলৈ আহ্বান জনাইছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us