/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2d8d837e-de3f-4cdc-b8de-6ca886413b0e/DHEMA.jpg)
dhemaji meeting
ডিজিটেল সংবাদ , ধেমাজি ঃ পুৰণি পেঞ্চন ব্যৱস্থা (অ. পি.এচ) পুনৰ প্ৰৱৰ্তনৰ দাবীত পদযাত্ৰা দিছপুৰলৈ বলক কাৰ্য্যসূচী সফল ৰূপায়নৰ প্ৰস্তুতি সম্পৰ্কত শনিবাৰে দুপৰীয়া ১২ বজাত ধেমাজি মহাবিদ্যালয়ৰ প্ৰাংগনৰ শিশু শিক্ষা ও উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখনি সাধাৰণ সভা অনুষ্ঠিত হয় ৷
সদৌ অসম চৰকাৰী এন.পি.এচ কৰ্মচাৰী সংস্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি গোবিন দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম চৰকাৰী এন .পি.এচ সংস্থাৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সম্পাদক মুনৰঞ্জন লাগাছুৱে ৷ উদ্দেশ্য ব্যাখ্যাৰ পিছতেই সদৌ অসম চৰকাৰী এন .পি. এচ সংস্থাৰ ধেমাজি সমিতিৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ পেগুৱে এন.পি.এচৰ ভয়াৱহতাৰ সম্পৰ্কে অথবা এই আচঁনিখন আচলতে কি এই বিষয়ে বিতংকৈ সভাত ডাঙি ধৰে ৷
সাধাৰণ সম্পাদক গৰাকীয়ে এন.পি.এচৰ সমস্যাক লৈ বিগত ২০১৯ চনৰ পৰাই সংস্থাটোৱে আন্দোলন কৰি থকা কথা উল্লেখ কৰি এই এন.পি.এচৰ নামত চৰকাৰে কৰ্মচাৰী সকলক আভুৱাভাৰি পুৰণা পেঞ্চনৰ ঠাইত নতুন পেঞ্চনৰ ব্যৱস্থা কৰি ২০০৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই নিয়োজিত বিষয়া কৰ্মচাৰী সকলক মাধমাৰ সোধাইছে বুলি অৱগত কৰে ৷
একে দৰে সভাত অতিথি হিচাপে উপস্থিত থকা সদৌ অসম চৰকাৰী এন.পি.এচ কৰ্মচাৰী সংস্থাৰ ৰাজ্যিক সমিতিৰ কোষাধ্যক্ষ আব্দুল ৰৌফৱে বক্তব্যত পেঞ্চনৰ সমস্যাক লৈ অহা ৮ নৱেম্বৰত দিছপুৰলৈ বলক “ পদযাত্ৰা”ৰ প্ৰস্তুতিৰ সম্পৰ্কে সভাত উপস্থিত ৰাইজক বিৱৰি কয়।
প্ৰসংগ ক্ৰমে ৰাজ্যিক বিষয়-ববীয়া গৰাকীয়ে সদৌ অসম এন.পি.এচ চৰকাৰী কৰ্মচাৰী সংস্থাক ৰাজ্যখনৰ ১২২ টা সংগঠনে সহযোগ কৰিছে বুলি উল্লেখ কৰি এইখনেই এন.পি.এচ কৰ্মচাৰী সকলৰ বাবে শেষ ৰণ হওক বুলি সদৰি কৰে ৷
ইয়াৰ উপৰিও সভাত ধেমাজি ঢকুৱাখনা কলেজ শিক্ষক সংস্থাৰ সম্পাদক ড° বসন্ত মঙ্গল দত্ত, ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনী সম্পাদক দিপাংকৰ শৰ্মা, ধেমাজি জিলা মধ্য ইংৰাজী সন্থাৰ হৈ নিৰ্মল বৰা, ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ধীৰেন গগৈ, জিলা এন. পি . এচ সন্থাৰ উপ- সভাপতি দিলীপ কোচে বক্তব্য ৰাখে ৷