/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ede4940b-025d-4ed4-8ac2-5173b0099a95/a29914c5-5ccc-455f-98ef-5a581ff56d47.jpg)
ডিজিটেল সংবাদ , ধেমাজিঃ মঙ্গলবাৰৰ পৰা তিনিদিনীয়াকৈ ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ত আৰম্ভ হৈছে এন ভি এছ চিলং উত্তৰ পূৰ্বাঞ্চল ভিত্তিত আৰু ছোৱালী ভলীবল প্ৰতিযোগিতাৰ -২০২৪ বৰ্ষৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ae2e64f3-4614-46af-a4bb-d57c778cb8a4/4363b94c-77ea-4975-abbc-46067c124a03.jpg)
মঙ্গলবাৰে আনুষ্ঠানিকভাৱে খেলৰ শুভ উদ্ধোধন কৰে ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে ৷ ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ অঞ্জনাই উদ্দেশ্য ব্যাখ্যা কৰা লগতে উপস্থিত থকা অতিথি আৰু খেলুৱৈ সকলক আদৰণি জনায় ৷
আদৰণি ভাষনত অধ্যক্ষ গৰাকীয়ে কয় যে প্ৰথম বাৰৰ বাবে ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ে অনুষ্ঠিত কৰিবলৈ সুবিধা পোৱা এই উত্তৰ পূৰ্বাঞ্চলৰ ভলীবল প্ৰতিযোগিতাই স্বাভাৱিকতেই বিদ্যালয় আৰু অঞ্চলটোৰলৈ গৌৰৱ আনিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/063a6774-ac04-47cd-9bb5-fb87211faae2/e7a96401-c31a-4c38-a5b7-cc2cccd20075.jpg)
ভাৰতৰ উত্তৰ -পূৰ্বাঞ্চলৰ আটাইকেইটা ক্লাষ্টাৰৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷ খেলুৱৈ সকলৰ প্ৰতিভা আৰু ক্ৰীড়া দক্ষতা প্ৰদৰ্শনৰ যোগেদি তেওঁলোকে ভৱিষ্যতে আৰু অধিক আগুৱাই যাব বুলি অধ্যক্ষ গৰাকীয়ে আশা প্ৰকাশ কৰে ৷ ইফালে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত খেলোৱা এন ভি এছ চিলঙৰ এই খেলখনত ১৪ ,১৭ আৰু ১৯ বছৰ বয়সৰ ৪৮ টা দলৰ ১৯২ লৰা আৰু ১৯২ গৰাকী ছোৱালী সৈতে মুঠ ৩৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷
উদ্ধোধনী অনুষ্ঠানত ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিতুপন হাজৰিকাৰ সৈতে বহুকেইগৰাকী অতিথিয়ে উপস্থিত থাকে উদ্ধোধনী অনুষ্ঠানৰ শেষত জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৰসায়ন বিভাগৰ শিক্ষক ৰবীন্দ্ৰ নাথ বৰপাত্ৰগোঁহাইয়ে শলাগৰ শৰাই আগবঢ়ায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/07939491-8ad4-4c87-9e2b-8c7fd2b1ab95/a02bce91-edf9-4dfd-91e3-648aec603737.jpg)