ধেমাজি জিলালৈ উন্নত মানদণ্ডৰ লাইফ চাপৰ্ট এম্বুলেন্স প্ৰদান…

ধেমাজি জিলালৈ উন্নত মানদণ্ডৰ লাইফ চাপৰ্ট এম্বুলেন্স প্ৰদান…

author-image
asomiyapratidin
New Update
ধেমাজি জিলালৈ উন্নত মানদণ্ডৰ  লাইফ চাপৰ্ট এম্বুলেন্স প্ৰদান…

ডিজিটেল সংবাদ ,ধেমাজি: পাৱাৰ গ্ৰীভ ক'ৰপৰেচন লিমিটেড নামৰ এটি প্ৰতিষ্ঠানে সোমবাৰে ধেমাজি জিলা প্ৰশাসনক ৩০ লাখ টকাৰ মূল্যৰ উন্নত মানদণ্ডৰ এখনি লাইফ চাপৰ্ট এম্বুলেন্স আনুষ্ঠানিকভাবে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া সকলে ধেমাজি জিলা উপায়ুক্ত আৰু জিলা স্বাস্থ্য বিভাগক প্ৰদান কৰে। এই উপলক্ষে পুৱা ১১ বজাত ধেমাজি জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ৰ প্ৰাংগনত এখনি সভা অনুষ্ঠিত হয় ৷

ধেমাজি জিলা উপায়ক্ত বিজয় ভাস্কৰ ৰেড্ডীয়ে এম্বুলেন্স খনিৰ চাবি গ্ৰহন কৰি ধেমাজি জিলাখনলৈ এনে বহুমূলীয়া অৱদান আগবঢ়োৱা বাবে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া সকলক ধন্যবাদ জনায় ৷ সভাত উপস্থিত থকা পাৱাৰ গ্ৰীভ ক'ৰপৰেচন লিমিটেডৰ চিফ জৰ্নেল জেনেৰেল মেনেজাৰ পি. কে শৰ্মাই ভাষনত পাৱাৰ গ্ৰীভ ক'ৰপৰেচন লিমিটেডৰ ক'ৰপ'ৰেট চচিয়েল ৰেচপণ্ডচিবিটি হিতানত ধেমাজি বাসীলৈ এনে এটি সুবিধা দিব পৰা বাবে তেওঁ আনন্দিত অনুভৱ কৰিছোঁ বুলি উল্লেখ কৰি অতি শীঘ্ৰেই আৰু ১৯ লাখ টকা মূল্যৰ এটা আল্টাচাউণ্ড মেচিন দিয়া ব্যৱস্থা ইতিমধ্যে হাতত লোৱা হৈছে বুলিও বক্তব্যত জনায় ৷

সভাত পাৱাৰ গ্ৰীভ ক'ৰপৰেচন লিমিটেডৰ চিনিয়ৰ জেনেৰল মেনেজাৰ এচ.ভি . এচ সত্যনাৰায়ণ , জেনেৰেল মেনেজাৰ ভোগেশ্বৰ বড়ো , জেনেৰেল মেনেজাৰ অৰিন্দম ডাম , ধেমাজি জিলা অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা , ধেমাজি জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ সুভাষ চন্দ্ৰ শৰ্মা ,জিলা মুখ্য ও অতিৰিক্ত স্বাস্থ্য বিষয়া ডাঃ পি. এন দেউৰী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ যোগেন দাসৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ধেমাজি বিষয়াববীয়া সকলো উপস্থিত থাকে ৷

assam dhemaji