/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি চমৰাজানৰ কুমতীয়া দলঙৰ সমীপতে থকা দলং নিৰ্মাণকাৰী সংস্থাৰ
কৰ্মী সকলৰ ওচৰত শুকুৰবাৰে বিয়লি ২ মান তিনিজন যুৱকে গৈ নিজকে ধেমাজি জিলা দুৰ্নীতি নিবাৰক সংস্থাৰ
বিষয়- ববীয়া বুলি চিনাকী দি দলং নিৰ্মান সংস্থাৰ কৰ্মী সকলৰ পৰা ৫০ খন চাইকেল বিচাৰে ৷
যদি চাইকেল নিদিয়ে তেন্তে নগদ ২ লাখ টকা দিবলৈ দাবী কৰে ৷ দিব নোৱাৰো বুলি কোৱাত দুয়ো পক্ষৰ মাজত তৰ্কবিতৰ্ক হৈ এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ দলং নিৰ্মানকাৰী সংস্থাৰ কৰ্মীসকলে ধন দাবী কৰা দুজনক ঠাইতে বান্ধি আৱদ্ধ কৰি ৰাখি থয় যদিও এজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷
পিছত আৰক্ষীলৈ ফোন কৰি জনোৱাত বৰদলনি আৰু ধেমাজি আৰক্ষীয়ে যুটীয়াভাবে গৈ দুয়োজনকে আটক কৰে ৷ বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱামতে ইতিমধ্যে আটক কৰা যুৱকজনৰ এজন দুৰ্নীতি নিবাৰক সংস্থাৰ ধেমাজি জিলা বিষয় -ববীয়া সম্পাদক নগাখেলীয়াৰ গাওঁৰ ৰঞ্জন তামুলী (৩৬) আৰু আনজন চমৰাজানৰ মনোৰঞ্জন চুতীয়া (৩০) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷
দলং নিৰ্মান সংস্থাৰ কৰ্মী সকলে দিয়া এজেহাৰ ভিত্তিত ইতিমধ্যে গোগামুখ আৰক্ষী থানাত এই ঘটনাৰ সম্পৰ্কে এটি গোচৰ ৰোজুৰ হোৱা লগতে দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সুধাপোচা অবাহত ৰাখিছে ৷
আৰু পঢ়ক: ঘৰলৈ উভতাৰ সময়ত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে…