
ডিজিটেল সংবাদ, ধেমাজিঃ অসমৰ ৰাজহ মন্ত্ৰী যোগেন মোহনে সোমবাৰে বিয়লি ৩ বজাত ধেমাজিৰ বানবিধস্তৱ জীয়াঢলৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে ৷ বিধস্তৱ মথাউৰি পৰিদৰ্শনৰ পিছত মন্ত্ৰী মোহনে সাংবাদিকৰ আগত হৈ যোৱা বানৰ ক্ষয়ক্ষতি কথা উল্লেখ কৰি বানাক্ৰান্ত অঞ্চলত বন্যাৰ্তক পৰ্যাপ্ত পৰিমানৰ খাদ্যসামগ্ৰী আৰু খোৱা পানী যোগানৰ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনক ৷ ইফালে, জীয়াঢলৰ ভগ্ন মথাউৰি অংশত অতিশীঘ্ৰেই তিনি কিঃমি নতুনকৈ মথাউৰি নিৰ্মান কৰিবলৈ ব্যৱস্থা কৰিব বুলিও অৱগত কৰে ৷ প্ৰসংগ ক্ৰমে মন্ত্ৰী মোহনে অহা ২৯ ছেপ্টেম্বত ধেমাজিত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব বুলিও উল্লেখ কৰে ৷
ৰাইজে সহজতে নিজৰ অঞ্চল সমূহত নতুন আঁচনি সমূহৰ সুফল পোৱা দৃষ্টিভংগীৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ৰাজহ মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ উক্ত অনুষ্ঠিত হ'ব লগা অসম চৰকাৰৰ কেবিনেট বৈঠকলৈ দিছপুৰৰ সকলো মন্ত্ৰীয়েই ধেমাজিলৈ আহিব ৷ সেইয়ে আগুন্তুুক দিনত ধেমাজি জিলা বাসীৰ বাবে উন্নয়নৰ গতি ত্বৰান্বিত হোৱাও সুযোগ আহিছে বুলিও তেওঁ উল্লেখ কৰে ৷ বিয়লিলৈ মন্ত্ৰী গৰাকীয়ে ধেমাজি জিলাৰ বি. জে. পিৰ সভাপতি প্ৰেম দত্ত আৰু সাধাৰণ সম্পাদক ৰিজু বৰুৱাৰ সৈতে ধেমাজি বিষ্ণু মন্দিৰত অনুষ্ঠিত হোবা কৃষ্ণ জন্মাষ্টমীত অংশ লৈ মন্দিৰৰ সেৱা গ্ৰহণ কৰে ৷ পিছত মন্দিৰৰ পৰিচালনা সমিতিৰ কৰ্মকতা সকলৰ সৈতে উপস্থিত থাকি মন্দিৰৰ আন্তগাঁঠনি অৱস্থা বুজ লয় ৷