২৭ মাৰ্চত ৰাজহুৱা বন্ধ-ড্ৰাই ডে’ ঘোষণা ধেমাজি জিলা প্ৰশাসনৰ…

২৭ মাৰ্চত ৰাজহুৱা বন্ধ-ড্ৰাই ডে’ ঘোষণা ধেমাজি জিলা প্ৰশাসনৰ…

author-image
asomiyapratidin
New Update
২৭ মাৰ্চত ৰাজহুৱা বন্ধ-ড্ৰাই ডে’  ঘোষণা ধেমাজি জিলা প্ৰশাসনৰ…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ধেমাজিঃ অহা ২৭ মাৰ্চত অনুষ্ঠিত হ'ব লগা অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১১৩ নং ধেমাজি আৰু ১১৪ নং জোনাই বিধানসভা সমষ্টি দুটাত ভোটদানৰ দিন হোৱা বাবে অসম চৰকাৰৰ জাননী অনুসৰি এন.আই এক্টৰ অধীনত ধেমাজি জিলা উপায়ুক্তই ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে। ধেমাজি জিলা তথ্য ও জন সংযোগ বিষয়া দিব্যজ্যোতি শৰ্মাই দিয়া বিবৃতিটোৰ অনুসৰি সমষ্টি দুটাত উক্ত দিনটোত সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, পঞ্চায়ত আৰু চহৰাঞ্চলৰ স্থানীয় প্ৰতিস্থান, শৈক্ষিক প্ৰতিস্থান, বেংক, চাহ বাগান, উদ্যোগ আদি ব্যৱসায়িক প্ৰতিস্থান বন্ধ সকলো থাকিব।

Advertisment

জিলা প্ৰশাসনৰ আন এক বিবৃতি জৰিয়তে উল্লেখ কৰা মতে উক্ত দিনা সমগ্ৰ জিলাখনতেই ড্ৰাই ডে' ঘোষণা কৰিছে ৷ ৰাজ্য চৰকাৰৰ এক আদেশ মৰ্মে ধেমাজি জিলাৰ উপায়ুক্তই এক জাননী যোগে অহা ২৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন যাতে সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেই সমগ্ৰ ধেমাজি জিলাতেই ২৫ মাৰ্চৰ সন্ধ্যা ৬.০০ বজাৰ পৰা ২৭ মাৰ্চৰ সন্ধ্যা ৬.০০ বজা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। এই অনুসৰি কোনো ব্যক্তি বা দলে যিকোনো সুৰা মজুত ৰখাৰ লগতে কোনো হোটেল, ধাবা, দোকান, ৰাজহুৱা বা ব্যক্তিগতভাৱে সুৰা বিক্ৰী, তথা বিতৰণ কৰা নিষেধ কৰিছে। এই নিষেধাজ্ঞা অহা ২ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোটগণনাৰ দিনাও গণনা কাৰ্য সমাপন নোহোৱালৈকে বাহাল থাকিব বুলি উল্লেখ কৰিছে ৷