/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b233ccef-2887-421f-908b-23f94f932f7b/dhema.jpg)
dhemaji drugs
ডিজিটেল সংবাদ , ধেমাজিঃ বৃহস্পতিবাৰে ধেমাজি নগৰৰ ৰতনপুৰত এদল ড্ৰাগছ আসক্ত যুৱকৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ ধেমাজিৰ এজন ব্যৱসায়ীয়ে নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলৰ দ্বাৰা পাচঁজাই গুলী ব্লেংক ফায়াৰ কৰিব লগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনাৰ তথ্য মতে পুৱা প্ৰায় ৯.৩০ মান বজাত ধেমাজি নগৰৰ ৰতনপুৰৰ ৰাস্তাৰে স্কুল, কলেজলৈ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰি থকা অৱস্থাতে এদল সাতজনীয়া দলে মুকলিকৈ ৰাস্তাৰ ওপৰতে চিৰিঞ্জেৰে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত যুৱক কেইজনক সেই ঠাইৰ পৰা আঁতৰি যাবলৈ কৈছিল দিপক কলিতা নামৰ এজন ব্যৱসায়ীয়ে ৷
কিন্তু আচৰ্যজনকভাৱে ড্ৰাগছ আসক্ত যুৱককেইজনে সেই ঠাইৰ পৰা আঁতৰি যোৱাৰ বিপৰীতে ওলোটাই ব্যৱসায়ী কলিতাকে আক্ৰমণৰ চেষ্টা কৰে ৷ উপায়ন্তৰ হৈ ব্যৱসায়ীজনে নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে পাচঁ জাই গুলী শূন্যলৈ ফুটাইহে ড্ৰাগছ আসক্ত যুৱককেইজনক সেই ঠাইৰ পৰা খেদি পঠাবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ঘটনাৰ পিছতেই ব্যৱসায়ীজনে ততাতৈয়াকৈ অঞ্চলৰ ৰাইজৰ লগতে স্থানীয় আৰক্ষী থানাত ঘটনাৰ বিষয়ে অৱগত কৰে ৷
ইতিমধ্যে ঘটনাস্থলীত বাইক এৰি পলায়ন কৰা ড্ৰাগছ আসক্ত যুৱককেইজনৰ ক'লা বৰনৰ এচ ২২ জি ০৮০৬ নম্বৰৰ কে. টি.এম মটৰচাইকেল ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷ ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে এজনক আটক কৰি ঘটনাৰ তদন্ত অবাহত ৰাখিছে ৷
তাৎপৰ্যপূৰ্ণভাৱে দীঘদীনে সেই অঞ্চলটোত ড্ৰাগছ আসক্ত যুৱকৰ দলটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বুলি ঘটনাস্থলীতেই উপস্থিত গোপীনাথ সন্দিকৈ নামৰ এজন অধিবক্তাই আক্ষেপেৰে অভিযোগ প্ৰকাশ কৰিছে। তেওঁ জনোৱা মতে সেই ৰাস্তাটোত কেৱল আজিয়েই নহয় প্ৰত্যেক দিনেই এদল উদণ্ড যুৱকে হাতত ড্ৰাগছৰ সৰু-সৰু পেকেট লৈ মুকলিকৈ সেৱন কৰি থকা তেওঁ প্ৰত্যক্ষ কৰিছে ৷
আন নালাগে অধিবক্তা গৰাকীয়ে মুকলিকৈ ড্ৰাগছ সেৱন কৰি থকা মবাইলত ভিডিঅ' পৰ্যন্ত কৰি ৰাখিছে ৷ এই বিষয়ে বহুবাৰ প্ৰশাসনক জনোৱা হৈছে যদিও আজিলৈকে কোনো প্ৰশাসনে ব্যৱস্থাগ্ৰহণ নকৰাৰ তেওঁ অভিযোগ কৰিছে ।