ধেমাজি জিলা টাই সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত

স্বীকৃতিপ্ৰাপ্ত পূৰ্বাঞ্চল টাই একাডেমি সমূহ সক্ৰিয়কৰণৰ দাবী

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা টাই সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা টাই সাহিত্য সভাৰ কাৰ্য্যনিবাহক সভা খনি দেওবাৰে পুৱা ১১ বজাত ধেমাজি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় ৷ ধেমাজি জিলা টাই সাহিত্য সভাৰ সভাপতি চাও ধীৰেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্য্যনিবাহক সভাৰ উদ্দেশ্য বাখ্যা কৰে ধেমাজি জিলা টাই সাহিত্য সভাৰ সম্পাদক চাও দুৰ্লভ বাইলুঙে ৷ কাৰ্য্যনিৰ্বাহক সভাত পৰ্য্যৱেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় টাই সাহিত্য সভাৰ সম্পাদক তথা ধেমাজি জিলা টাই সাহিত্য সভাৰ পৰ্যৱেক্ষক চাও শৰৎ চন্দ্ৰ নেওগ , অন্যতম কেন্দ্ৰীয় টাই সাহিত্য সভাৰ সম্পাদক চাও ৰামেশ্বৰ বুঢ়াগোহাঁই আৰু ডিব্ৰুগড় জিলা টাই সাহিত্য সভাৰ সম্পাদক চাও সঞ্জীৱ ৰাজকোঁৱৰে ৷

Advertisment

কাৰ্য্যনিৰ্বাহক সভাই লোৱা সিদ্ধান্ত অনুসৰি জিলাখনত অতিকমেও ১০ খন আঞ্চলিক সমিতি গঠন কৰা, টাই সাহিত্য সভা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৱাল পেইণ্টিঙৰ ব্যৱস্থা কৰা , জিলাখনৰ বাট-পথ সমূহ টাই নামেৰে নামাকৰন কৰাৰ ব্যৱস্থা কৰা ,বছেৰীয়া পত্ৰিকা আৰু টাই ভাষা সম্পকীয় পুথি প্ৰকাশৰ ব্যৱস্থা কৰা, টাই ভাষা ,কৃষ্টি -সংস্কৃতিৰ ওপৰত কৰ্মশালা আৰু ভাষা প্ৰশিক্ষণ অনুষ্ঠিত কৰা ,টাই ভাষাবিদ বিশিষ্ট ব্যক্তিৰ গৱেষকৰ ওপৰত স্মাৰক বক্তা অনুষ্ঠিত কৰা আৰু শিক্ষা সংসদৰ অনুসৰি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পূৰ্বাঞ্চল টাই একাডেমি আৰু ধেমাজি হাতীগড় টাই একাডেমি পুনৰ সক্ৰিয় কৰিবলৈ দাবী উথাপন কৰে । কাৰ্য্যনিবাহক সভাত টাই সাহিত্য সভাৰ বিষয়ববীয়া ক্ৰমে চাও চিত্ৰ বৰগোহাঁই, চন্দ্ৰ কোৱঁৰ, বিকাশ বৰুৱা, সুকুমাৰ ফুকন, দেৱন কোৱঁৰ, প্ৰফুল্ল ভাৰধৰা, মাধৱ শইকীয়া, ৰাজীৱ গগৈ আৰু ৰনজিৎ চেতিয়াই বক্তব্য ৰাখে ৷

assam dhemaji