কৃষক মুক্তিৰ ধেমাজি জিলাৰ পঞ্চম দ্বি-বাৰ্ষিক মিংমাং অধিৱেশনৰ সফল সামৰণিঃ নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আহ্বান…

কৃষক মুক্তিৰ ধেমাজি জিলাৰ পঞ্চম দ্বি-বাৰ্ষিক মিংমাং অধিৱেশনৰ সফল সামৰণিঃ নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আহ্বান…

author-image
asomiyapratidin
New Update
কৃষক মুক্তিৰ ধেমাজি জিলাৰ পঞ্চম দ্বি-বাৰ্ষিক মিংমাং অধিৱেশনৰ সফল সামৰণিঃ নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আহ্বান…

ডিজিটেল সংবাদ গোগামুখঃ ধেমাজি জিলাৰ গোগামুখ মিংমাঙৰ চেঙেলীসুঁতি বিষ্ণু-জ্যোতি সমন্বয় ক্ষেত্ৰত মঙ্গলবাৰে অনুষ্ঠিত হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনখনি বুধবাৰে সফল সামৰণি পৰে। দ্বিতীয়দিনা কাৰ্যসূচীত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। শোভাযাত্ৰাত গায়ন-বায়ন, বিহু, মিচিং, বড়ো, আদিবাসী, হাজং কৃষ্টি দলে অংশগ্ৰহণ কৰে।

Advertisment

অধিবেশনখনিৰ লগত সংগতি ৰাখি নিপম চুতীয়াই সম্পাদনা কৰা 'প্ৰত্যৰ খোজ' নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডা০ৰূপেশ্বৰ চেতিয়াই। শোভাযাত্ৰাৰ পিছত মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাৰ শুভ উদ্ধোধন কৰে প্ৰকৃতিপ্ৰমী পদ্মশ্ৰী যাদৱ পায়েঙে। মুকলি সভাত অংশগ্ৰহন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

ভাষণ প্ৰসংগত বিধায়ক অখিল গগৈয়ে বৃহৎ নদী বান্ধৰ তীব্ৰ বিৰোধিতা কৰে। আৰু বিবাদমান অসম অৰুণাচল সীমান্তৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে মিংমাং ৰাইজক মাটিৰ পট্টা দিবলৈ চৰকাৰক আহ্বান জনায়। আনহাতে
প্ৰকৃতিপ্ৰেমী গৰাকীয়ে সোৱণশিৰি পৰীয়া প্ৰকৃতিৰ মনোমোহা দৃশ্য দেখি আপ্লুত হোৱাৰ লগতে প্ৰকৃতি সুৰক্ষা ক্ষেত্ৰত প্ৰতি গৰাকী ব্যক্তিক গছ ৰুবলৈ আহ্বান জনায়।

অধিৱেশনৰ প্ৰতিনিধি সভাত ভবেন হালৈক সভাপতি আৰু দুৰ্গা বড়া, পাপু ডেকাক যুটীয়া সম্পাদক হিচাপে লৈ ৪৫ জনীয়া ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন সমিতিখন গঠন কৰা হয় ৷