ডিজিটেল সংবাদ, ধেমাজিঃ মঙলবাৰে ধেমাজি স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কৰা ৩৫৫০ গৰাকীৰ কোৰোনা টেষ্ট পৰীক্ষাত ১০২ গৰাকীয়েই কোভিড পজিটিভ হিচাপে ধৰা পৰিছে ৷ মঙলবাৰে চিনাক্ত হোৱা লোক কেইজনৰ সৈতে জিলাখনত কোভিড পজিটিভৰ সংখ্যা ১৯১৯ জনলৈ বৃদ্ধি পালে৷
ইফালে, জিলা স্বাস্থ্য বিভাগে মঙলবাৰে ধেমাজি আই ডি বি টি কোভিড কেন্দ্ৰত ৫২ জন , চিলাপথাৰ মডেল হাস্পতালত ১১ জনক কোভিড পজিটিভ ৰোগী হিচাপে ভৰ্ত্তি কৰিছে৷ মঙলবাৰে গোগামুখ ৰাজহচক্ৰৰ অন্তৰ্গত গেৰুকামুখৰ আজাৰ গুৰি গাঁৱত অমন পেগু(৪৮) নামৰ লোকজনে মঙলবাৰে কোভিড পজিটিভত মৃত্যু হয়৷
জিলা স্বাস্থ্য বিভাগে উন্নত চিকিৎসাৰ পাচঁজনক অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে ৷ আনহাতেদি হোম আইছ'লেচনত থকা ৪৯ জনে সুস্থ হৈছে আৰু ধেমাজি আই ডি বি টি কোভিড কেন্দ্ৰৰ পৰা ৬ জনে সুস্থ বাবে তেওঁলোকক ৰিলিজ দিছে৷ মঙলবাৰে মৃত্যু হোৱা লোকজনৰ সৈতে জিলাখনত কোভিড পজিটিভত মৃত্যু হোৱা সংখ্যা ২৩ জনলৈ বৃদ্ধি পালে ৷