ধেমাজি বালিকা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ গুণমোহন কোৱঁৰৰ মৃত্যু…

ধেমাজি বালিকা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ গুণমোহন কোৱঁৰৰ মৃত্যু…

author-image
asomiyapratidin
New Update
ধেমাজি বালিকা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ গুণমোহন কোৱঁৰৰ মৃত্যু…

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি বালিকা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ গুণমোহন কোৱঁৰৰ ৫৯ বছৰ বয়সত বুধবাৰে বিয়লি ২ বাজি ৪৫ মিনিটত নিজ বাসগৃহত মৃত্যু হয় ৷ অধ্যক্ষ গৰাকী মৃত্যু খৱৰে ধেমাজিত গভীৰ শোকৰ ছাঁ পৰিছে ৷ জানিব পৰা মতে ২০১৭ চনৰ পৰাই দুৰাৰোগ্য ৰোগত ভূগি থকা অধ্যক্ষ কোৱঁৰে আৰম্ভণিতে দিল্লীত চিকিৎসা লৈ আছিল যদিও ক'ভিডৰ পিছৰে পৰা তেওঁ গুৱাহাটী আৰু ডিব্ৰুগড়ত চিকিৎসা লৈ আছিল।

Advertisment

কিছুদিনৰ পূৰ্বে ডিব্ৰুগড়ৰ চিকিৎসালয়ৰ পৰা অনা পিছত ঘৰত থকা অৱস্থাতে বুধবাৰে মৃত্যু হয় ৷ ১৯৬২ চনৰ ১ অক্টোবৰত
ধেমাজি ভেৰপৰা গাওঁত জন্ম গ্ৰহণ কৰা কোৱঁৰে ধেমাজি বালিকা কণিষ্ঠ মহাবিদ্যালয়ত স্হাপিত হোৱা ১৯৮৬ চনৰ পৰাই প্ৰতিষ্ঠাক প্ৰবক্তা হিচাপে থকা পিছত পৰবৰ্তী ২০০১ চনত মহাবিদ্যালয়খনি চৰকাৰীকৰন হোৱা পিছৰে পৰা তেওঁ মৃত্য আগমুহূৰ্ত্তলৈকে মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল ৷

অধ্যক্ষ কোৱঁৰৰ মৃত্যু খৱৰ পোৱা লগে লগে মহাবিদ্যালয়খনৰ সহকৰ্মী , ছাত্ৰী সকলৰ লগতে বিভিন্ন সংগঠন ৰাইজ আৰু গুণমুগ্ধ সকলে তেখেতক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনায়। অতি সহজ সৰল নিমাখিত কোৱঁৰে মৃত্যু সময়ত পত্নীৰ সৈতে এটি পুত্ৰ সন্তান এৰি গৈছে৷

অধ্যক্ষ গুণমোহন কোৱঁৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ধেমাজি জিলা ছাত্ৰ সন্থা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি , ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থা , ধেমাজি প্ৰেছ ক্লাৱ, অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে মৃতকৰ পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে৷

আৰু পঢ়ক: ঘৰত আছে নেকি বৰিং? মহানগৰবাসীয়ে পানীৰ বাবে ভৰিব লাগিব ১০,০০০ টকা

assam dhemaji