/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhemaji-5.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা সদৰৰ প্ৰাক্তন সৈনিক ও বীৰঙ্গনা নাৰী সকলৰ সুবিধাৰ্থে সেনাবাহিনীৰ কেন্টিন আৰু স্বাস্থ্য পৰীক্ষা কেন্দ্ৰৰ মুকলি সভা ধেমাজি আবৰ্ত্তভনত মঙলবাৰে অনুষ্ঠিত হয় ৷ আনুষ্ঠানিকভাৱে মুকলি কৰে সেনাবাহিনীৰ ৫৬ ইনফেন্টি ডিভিজনৰ দ্বিতীয় জিঅচি বিগ্ৰেডীয়া ৰাজেশ ভাস্কৰে ৷ কেন্দ্ৰটি মুকলি কৰা পিছতেই বক্তব্যত বিগ্ৰেডীয়া ৰাজেশ ভাস্কৰে কয় এই কেন্টিন ও স্বাস্থ্য পৰীক্ষা কেন্দ্ৰই ধেমাজি অঞ্চলৰ অন্তৰ্গত প্ৰাক্তন সেনাবাহিনী আৰু বীৰঙ্গনা নাৰী সকলৰ বাবে যথেষ্ট সুবিধা হ'ব উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dheeeee-1024x768.jpg)
সভাত সেনাবাহিনী বিষয়াসকল, প্ৰাক্তন সৈনিক ও বীৰঙ্গনা নাৰী সকলৰ উপৰিও সভাত ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ কুমাৰ আগৰৱালা, অতিৰিক্ত উপায়ুক্ত উৎপল দলে, ধেমাজি জিলা প্ৰাক্তন সৈনিক সন্থাৰ সভাপতি বনমালী চেতিয়া আৰু ধেমাজি জিলা তথ্য ও জন সংযোগ বিষয়া বিকাশ শৰ্মাকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷
আৰু পঢ়ক : কেনেকৈ জে'লৰ পৰা পলোৱাৰ ফান্দ পাতিছিল দুধর্ষ হত্যাকাৰী গেৰজাইসহ দুই অপৰাধীয়ে…