বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা…

বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা…

author-image
asomiyapratidin
New Update
বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা…

ডিজিটেল সংবাদ, ধেমাজিঃ বানৰ পিছত এইবাৰ আকৌ চৰহা পোকে নষ্ট কৰিছে ধেমাজিৰ বহু কৃষিভূমি।পানীত হাঁহ নচৰা অৱস্থা কৃষকসকলৰ। এই চৰহা পোকে এফালৰ পৰা নষ্ট কৰি গৈছে শ শ বিঘা কৃষিভূমি। জিলাখনৰ কৃষি বিভাগটো আছে যদিও বিষয়া-কৰ্মচাৰীসকলৰ অদূৰদৰ্শিতা আৰু গুৰুত্বহীনতাৰ বাবে চৰহা পোক নিয়ন্ত্রণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Advertisment

এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে৷ কৃষি বিভাগৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ শুকুৰবাৰে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ শতাধিক কৰ্মীয়ে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ কৃষি বিষয়া কাৰ্যালয় ঘেৰাও কৰে৷

প্ৰতিবাদকাৰীসকলে বান বিধ্বস্ত খেতিয়কসকলক পৰ্যাপ্ত সাহায্য প্ৰদান কৰা , চৰহা পোকৰ আক্ৰমণৰ পৰা খেতি-পথাৰসমূহ ৰক্ষা কৰিবলৈ ব্যৱস্থা কৰা , পথাৰ আৰু কৃষক ৰাইজৰ মাজত সম্পৰ্ক নথকা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ ওপৰত শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্র প্ৰদান কৰে ।

উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলৰ সন্মুখতে জিলা কৃষি বিষয়াগৰাকীয়ে বিভাগটোত বিষয়া-কৰ্মচাৰীৰ অভাৱ, পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা নথকাৰ কথা মুকলিকৈ প্ৰকাশ কৰে। জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি শীঘ্ৰে কৃষি বিভাগত হৈ থকা সকলো কাম-কাজ নিৰীক্ষণ কৰাৰ আশ্বাস প্ৰদান কৰে৷