ডিজিটেল সংবাদ, সৰুপথাৰঃ চলিত বৰ্ষত ছেবাই অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেন্টেল পৰীক্ষাৰ সময়সূচী দুখন হোৱাৰ কাৰণে গোলাঘাট জিলাৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰৰ ২৩গৰাকী ছাত্ৰ-ছাত্ৰী হিন্দী(ঐচ্চিক) বিষয়ৰ পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল৷
বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ অনুসৰি সৰুপথাৰৰ চুকীয়াপথাৰ শ্বহীদ কুশল কোঁৱৰ হাইস্কুলৰ প্ৰধান শিক্ষকৰ স্বাক্ষৰিত প্ৰথমখন সময়সূচীমতে ৬ জুলাইত হিন্দী পৰীক্ষা আছিল যদিও ছেবাই দিয়া নতুন সময়সূচীমতে ২ জুলাইতহে হিন্দী পৰীক্ষাৰ দিন ধাৰ্য্য কৰা আছিল৷
ফলত বৃহস্পতিবাৰে ইংৰাজী পৰীক্ষা দিবলৈ আহিহে ছাত্ৰ-ছাত্ৰীসকলে নতুন সময়সূচীৰ কথা গম পাই বিমোৰত পৰে ৷ ইফালে, বৰপথাৰ পৰীক্ষাকেন্দ্ৰৰ মুৰব্বীয়ে জানিবলৈ দিয়ামতে ছেবাৰ পৰা অহা দ্বিতীয়খন সময়সুচী পৰীক্ষালৈ কেইটামান দিন থাকোতেহে কেন্দ্ৰটোলৈ আহিছিল আৰু লগে লগে উক্ত সমযসূচী বিতৰণ কৰা হৈছিল৷
কিন্তু ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে, তেঁওলোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে নতুন সময়সূচী লাভ কৰা নাছিল৷ কোন সঁচা আৰু কোন মিছা? দোষ যাৰেই নহওক কিয় ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ যে ১ টা বছৰ নষ্ট হ'ল, তাৰ দায়িত্ব কোনে ল'ব?
ইফালে, স্থানীয় আছুৰ দাবী- সমগ্ৰ বিষয়টো সঠিক তদন্ত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা সকলে উচিত শাস্তিৰ দাবী জনাইছে৷ উক্ত ঘটনা সমগ্ৰ মহকমাটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷