ঢকুৱাখনাত ঠিকাদাৰ ৰাজীৱে ২ বছৰ ধৰি কাম সম্পূৰ্ণ কৰিব পৰা নাই এটা পথৰ, জীয়াতু ভুগিছে জনতাই

: ৰাজ্যখনৰ ৰাজপথত উপলব্ধ মৰণফাণ্ডকলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্বিগ্নতায়ো যেন গা ল'ৰাব পৰা নাই ঢকুৱাখনাৰ লোকনিৰ্মান বিভাগৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত ঠিকাদাৰ ৰাজীৱে ২ বছৰ ধৰি কাম সম্পূৰ্ণ কৰিব পৰা নাই এটা পথৰ, জীয়াতু ভুগিছে জনতাই

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ ৰাজপথত উপলব্ধ মৰণফাণ্ডকলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্বিগ্নতায়ো যেন গা ল'ৰাব পৰা নাই ঢকুৱাখনাৰ লোকনিৰ্মান বিভাগৰ।  গ্ৰাম্যঞ্চল ৰাইজৰ মাজত সুচল যাতায়তৰ বাবে ৰূপায়িত আঁচনিক মৰণফাণ্ডলৈ ৰূপান্তৰিত কৰি ঢকুৱাখনাত এজন নিষ্কর্মা ঠিকাদাৰে বিগত ২ বছৰে চলাই আহিছে দৌৰাত্ম্য । এই সকলো দেখিও অন্ধ মুনিৰ ভূমিকা পালিছে লোকনিৰ্মান বিভাগৰ অবিবেচকী আমোলা বিষয়াই।

Advertisment

মহকুমাটোৰ এনে এক আঁচনি হ'ল বৰদৈ বাম তিনিআলিৰ পৰা আলিমুৰ গাঁও সংযোগী লোকনিৰ্মান বিভাগৰ পথটো। প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পেকেজ নং এ.এচ-১৫-৬২৭ অধীনৰ প্ৰায় ৯' ৮৫ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ বিপৰীতে আৱন্টিত পুঁজিৰ পৰিমাণ আছিল ৮ কোটি ৮০ লাখ ৮১ হাজাৰ টকা। ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান  বিভাগৰ অন্তৰ্গত এই কেন্দ্ৰীয় আঁচনিৰ ঠিকা লাভ কৰিছিল ৰাজীৱ চাহুৱে।

সেই অনুক্ৰমে ২০২১ চনৰ ১০ মে'ত কামৰ আৰম্ভণি কৰি  ঠিকাদাৰ জনে প্ৰায় শামুকীয়া গতিৰে কাম চলাই আজি ২বছৰে  কামৰ সম্পূৰ্ণ ৰূপ দিব পৰা নাই। বিভাগীয় নিৰ্দেশনা মতে উক্ত কামৰ পৰিসমাপ্তিৰ সময়সীমা  ৯ মাহ আছিল। পিছে এইজন এলেহুৱা ঠিকাদাৰ ৰাজীৱ চাহুৱে যোৱা দুটা বছৰে কাম সম্পূৰ্ণ কৰাত গুৰুত্ব নিদি এহাতে চৰকাৰী নিৰ্দেশনাক পদপিষ্ট কৰিছে আৰু অন্যহাতে বৃহত্তৰ অঞ্চলবাসীৰ জীৱন সম্পত্তি বিপদাপন্ন কৰি আহিছে।

ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আৱন্টিত পুঁজিৰে নিৰ্মিত এই পথটো পৰিদর্শন কালত পথটোৰ প্ৰায় ৬ কিলোমিটাৰ মান ক্ৰুটিপূৰ্ণ ভাৱে নিৰ্মাণৰ পাছত বাকী ৩ কিলোমিটাৰ মান অংশ নিৰ্মাণ নকৰাকৈ বিপদসংকুল ভাৱে পেলাই ৰাখিছে বছৰৰ পাছত বছৰ ধৰি। 

ইপিনে যি অংশ পথৰ নিৰ্মান কৰিলে সেয়াও অতি নিম্ন মানদণ্ডৰ আৰু ক্ৰুটিপূৰ্ণ হোৱাৰ বাবে নিৰ্মাণৰ পৰৱৰ্তী সময়ত মেৰামতিৰ ব্যাপক প্ৰয়োজনীয়তা আহি পৰিছে। স্থানীয় পাতৃচুক অঞ্চলৰ ৰাইজে অভিযোগ কৰা মতে ৮ কোটি টকীয়া পথটো নিৰ্মাণ শেষ নৌহওঁতেই নিৰ্মীয়মান অংশ ভাগি উৱলি যোৱাৰ উপক্ৰম হোৱা কামৰ তদন্ত কৰা ,ক্ৰুটিপূৰ্ণ কামেৰে চৰকাৰী পুঁজি অপচয় কৰা ঠিকাদাৰৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰা আদি বহু ৰাজহুৱা দাবী সম্বলিত স্মাৰক পত্ৰ জিলা উপায়ুক্ত , লখিমপুৰ জিলা লোকনিৰ্মান বিভাগৰ অধীক্ষক অভিযন্তা, ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তা কনক বড়ো আদি সকলোকে বহুবাৰ  আবেদন জনাইছিল ।

কিন্তু চৰকাৰী পুঁজি অপচয় ৰোধৰ প্ৰতি সামান্যতমো তৎপৰ নোহোৱা লোকনিৰ্মান বিভাগৰ বেপৰোৱা অধীক্ষক অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাৰ কাণ্ডজ্ঞানহীন ভূমিকাৰ বাবে ভুক্তভোগী গঞাঁই ন্যায় নাপালে। পৰিণতিত অতি ব্যস্ত গ্ৰাম্য পথটোৰে যাতায়ত কৰা শিক্ষক, শিক্ষাৰ্থী, চহা ,ৰাইজ প্ৰতি নিয়ত পথ দুৰ্ঘটনাত পতিত হৈ যোৱা দুটা বছৰে দুৰ্বিসহ যাতায়ত অব্যাহত ৰাখি আহিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে ।

অতি পৰিতাপৰ বিষয় হ'ল এইজন বেপৰোৱা ঠিকাদাৰ ৰাজীৱ চাহুৰ সৃষ্ট এনে ভয়ংকৰ মৰণফাণ্ড সন্দৰ্ভত  দেখি জানিও অন্ধ মুনিৰ ভাও ধৰা অকমন্য কাৰ্যবাহী অভিযন্তাৰ সমান্তৰাল ভাৱে বিধায়ক নৱ দলে আৰু সংসদ প্ৰদান বৰুৱাও মৌন । জনা মতে বিধায়ক - সংসদৰ বুকুৰ কুটুম হোৱাৰ সুবাদতে এইজন বিতৰ্কিত চাহুৱে বছৰ বছৰ ধৰি দৌৰাত্ম্য চলাই এখন কেন্দ্ৰীয় আঁচনি অৰ্ধনির্মিত কৰি পেলাই ৰাখিছে ।

বিধায়ক-সাংসদ  বুলি কলেই সাত জাঁপ মৰা কাৰ্যবাহী অভিযন্তা কনক বড়োৱে সেই বাবেই এইজন অকমন্য ঠিকাদাৰৰ পৰি বিভাগীয় অনুশাসন গ্ৰহণ কৰিবলৈ সাহস নকৰা  বুলি ভুক্তভোগী ৰাইজে মুকলি ভাবে মত ব্যক্ত কৰিছে। এটা বিভাগৰ মুৰব্বী হৈ এখন আঁচনি সঠিক ৰূপায়নত কৰা পৰ্বত সম অনিয়ম ৰোধত ভিজা মেকুৰীৰ ভূমিকা পালি অহা বড়োৰ এনে ৰহস্যজনক দৰদৰ বিৰুদ্ধে ৰাইজে শীঘ্ৰে  লোকনিৰ্মান বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱগত কৰাৰ মনস্থ কৰি গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে বুলি জনালে।

ইপিনে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়েও বিধস্ত পথটো পৰিদর্শন কৰি শীঘ্ৰে অৰ্ধনির্মিত আঁচনিখন প্ৰাককলন মতে সম্পূৰ্ণ কৰাৰ দাবী জনাই ঠিকাদাৰৰ ওপৰত বিভাগীয় তদন্ত দাবী জনাইছে জিলা প্ৰশাসন আৰু লোকনিৰ্মান বিভাগক।  অন্যথাই দুৰ্ভগীয়া ৰাইজৰ সহযোগত অচিৰেই ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগৰ কাৰ্যালয়ত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ অন্তিম সকীয়নী প্ৰদান কৰিছে।

Also Read: ''শাৰীৰিকভাৱেও মই পুৰুষ হ'ব বিচাৰো'' প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাৰ লিংগ পৰিৱৰ্তনৰ সিদ্ধান্ত