Advertisment

ঢকুৱাখনা টাউন টি এম পি কেৰ দ্বিবাৰ্ষিক অধিবেশন…

ঢকুৱাখনা টাউন টি এম পি কেৰ দ্বিবাৰ্ষিক অধিবেশন…

author-image
asomiyapratidin
New Update
ঢকুৱাখনা টাউন টি এম পি কেৰ দ্বিবাৰ্ষিক অধিবেশন…

ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং জাতীয় ছাত্ৰ সংগঠন  সদৌ মিচিং ছাত্ৰ সন্থা ( টি এম পি কে)ৰ অন্যতম শক্তিশালী বাংকে ঢকুৱাখনা নগৰ মিচিং ছাত্ৰ সন্থাৰ দ্বিবাৰ্ষিক অধিবেশনখন শনিবাৰে অনুষ্ঠিত হয়। ঢকুৱাখনা নগৰৰ জনজাতি কৃষ্টি ভৱন প্ৰাঙ্গনত অনুষ্ঠিত অধিবেশনৰ পুৱা টাউন সমিতিৰ সভাপতি অনিল দলেয়ে পতাকা উত্তোলন কৰি অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে ঢকুৱাখনা জিলা মিচিং মিমাগ কেবাঙৰ  সভাপতি দীপেন দলেয়ে। 

Advertisment

দুপৰীয়া নগৰ সমিতিৰ সভাপতি অনিল পাংগিংৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভা মননশীল বক্তব্যৰে শুভাৰম্ভ কৰে টি এম পি কেৰ কাৰ্যবাহী সদস্য ৰাজীৱ দলেয়ে। সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক চান পাংগিং আৰু সংগঠণিক সম্পাদক যতীন পেগুৱে সংগঠনিক কৰ্ম পদ্ধতি সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই জনাকীৰ্ণ প্ৰতিনিধি সভাত। নিজৰ বক্তব্যত সংগঠণিক সম্পাদক যতীন পেগুৱে আত্মসমালোচনা, আত্মশুদ্ধি , আত্মনির্ভৰশীলতা আৰু আত্মবিশ্লেষণাত্মক চিন্তা চর্চাৰে জাতিয় সংগঠনৰ প্ৰতিজন কৰ্মকর্তা নেতৃবৰ্গই আগুৱাই গ'লে জাতিয় স্বাৰ্থ সুৰক্ষিত কৰাৰ গণতান্ত্ৰিক সংগ্ৰামখনে নিজস্ব  মৰ্যাদা আৰু গতি লাভ কৰিব  বুলি কয়। 

সংগঠনিক দিক নিৰ্দেশনা মূলক সুদীর্ঘ বক্তব্য ৰাখি  পেগুৱে আৰ্থ সামাজিক উত্তৰণৰ লগতে বাংকেৰ অন্তৰ্গত প্ৰতিটো অঞ্চলৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ শৈক্ষিক ,সাংস্কৃতিক, মনস্তাত্বিক উৎকৰ্ষ সাধনৰ বাবে এক সুস্থ শৈক্ষিক বাতাবৰণ প্ৰতিগৰাকী কৰ্মকৰ্তাই সৃষ্টি কৰি তোলাৰ বাবে মনোনিবেশ কৰাৰ আহ্বান জনায়। তেওঁ শক্তিশালী জনদায়বদ্ধ সংগ্ৰাম সফলতাৰ বাবে এক মজবুত সংগঠণিক শক্তি অতি জৰুৰী বুলি কৈ শক্তিশালী সংগ্ৰামৰ বাবে শক্তিশালী সংগঠনৰ ভেঁটি গঢ়ি তোলাৰ বাবে নৃগোষ্ঠীয় শিক্ষাৰ্থী সকলক আহ্বান জনায়।

কেন্দ্ৰীয় নেতা পেগুৱে টি এম পি কে ৰাজনীতিক ছাত্ৰ সংগঠন বুলি অভিহিত কৰি মিচিং জনগোষ্ঠীৰ নাৰ্যতা বিচৰা জাতিয় সংগ্ৰামখনৰ লক্ষ্য প্ৰাপ্তিত উপনীত হবলৈ ছাত্ৰ শক্তিৰ ৰাজনৈতিক সক্ৰিয়তা অতি প্ৰয়োজন আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ভেঁটিত  উজ্জীৱিত এই ছাত্ৰ সংগঠনটোৱে ৰাজনৈতিক ভাবাদৰ্শৰে ছাত্ৰ সংগঠনৰ সেৱা আগবঢ়াই আহিছে আৰু যাব বুলি কয়।

এম এম কেৰ কেন্দ্ৰীয়  সমিতিৰ বিষয়ববীয়া ইন্দ্ৰ কুমাৰ চুংক্ৰাং , টি এম পি কেৰ ঢকুৱাখনা  জিলা সভাপতি বৃগেন দলে , এম এম কেৰ জিলা সম্পাদক মোহন পেগু , উপ সভাপতি ভীষ্ম চুংক্ৰাং , নাথুৰাম পেগু  , টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ ক্ষীৰোদ পেগু , ক্ষীৰোদ কুটুম , খেৰকটা আঞ্চলিকৰ সভাপতি ৰাজ কুমাৰ মৰাং ,সম্পাদক ৰাকেশ পেগু আদিয়ে অংশগ্ৰহণ কৰে। সন্ধিয়া পুনৰ নতুন বাংকে সমিতি গঠনৰ উদ্দেশ্যেৰে  প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।