
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ এক সমুজ্জ্বল নক্ষত্ৰ স্বৰূপ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ সতীৰ্থ সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক তৎপৰতা অব্যাহত আছে। শিক্ষানুষ্ঠান খনত অধ্যয়ন কৰি ১৯৭৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাক্তন শিক্ষাৰ্থী সকলে সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰাৰম্ভিক তৎপৰতা অব্যাহত ৰাখিছে। এই মহান উদ্দেশ্যৰে ১৯৭৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বর্ষৰ শিক্ষাৰ্থী সকলে অলপতে এখন সভা আহ্বান কৰি ২০২৩ বৰ্ষত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে ।
১৯৭৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বর্ষৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী উপস্থিত থকা সভাত ২০২৩ চনৰ ৪ আৰু ৫ ফেব্ৰুৱাৰী গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুক্ৰমে ডিম্বেশ্বৰ গগৈক সভাপতি , পৰম শংকৰ দত্তক সম্পাদক, তুলধৰ শৰ্মা, পৰমা ফুকন, কুশল গগৈ আৰু চেনিৰাম বৰপাত্ৰ গোঁহাইক সদস্য হিচাবে লৈ আদৰণি সমিতি এখন গঠন কৰা হয়। লগতে সভাই ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ "বিকাশ'"ৰ এটা সংখ্যা প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।
১৯৭৩ চনৰ পৰা ২০২৩ চন পৰ্যন্ত ৫০ বছৰীয়া এই সুদীর্ঘ পৰিক্ৰমাৰ সশ্ৰদ্ধ স্মৰণ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে এই শিক্ষানুষ্ঠানখনৰ পৰা ১৯৭৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ যিসকল শিক্ষাৰ্থী বিভিন্ন ঠাইত বসবাস কৰি আছে সেই সকলক এই সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰিবলৈ আদৰণি সমিতিয়ে আহ্বান জনাইছে। সমিতিয়ে প্ৰাক্তন উক্ত বর্ষৰ শিক্ষাৰ্থী সকলক সভাপতি ডিম্বেশ্বৰ গগৈৰ ৯৯৫৪৭ ৩৩০৫৫ আৰু সম্পাদক পৰম শংকৰ দত্তৰ ৯৪৩৫৮ ৫৯০৭৭ নম্বৰত যোগাযোগ কৰাৰো আহ্বান জনাইছে।