পশ্চিম মাছখোৱা সমবায়ৰ সচিবে লুটিলে পৰিবহন শিতানৰ ডেৰ লক্ষাধিক টকা

পশ্চিম মাছখোৱা সমবায়ৰ সচিবে লুটিলে পৰিবহন শিতানৰ ডেৰ লক্ষাধিক টকা

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ লগতে অন্যান্য চৰকাৰী আঁচনিৰ চাউলৰ চোৰাং বেহাৰ ভুস্বৰ্গ হিচাপে পৰিগণিত হৈছে ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা সমবায় সমিতি । চৰকাৰী আঁচনিৰ চাউল মানেই পৈত্রিক সম্পত্তি গণ্য কৰা সভাপতি বগেন বৰুৱা ,সচিব প্ৰদীপ চমুৱা আৰু ষ্টৰ ইনচাৰ্জ দুলাল চুতীয়াৰ অন্য এক কুকৃতি পোহৰলৈ আহিছে ।

সংগৃহীত তথ্য মতে সমবায় সমিতিখনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নিয়মীয়া চাউল এজেন্টৰ দোকানত যোগান ধৰাৰ বিপৰীতে আবন্তিত বৃহৎ পুঁজি সমবায়খনৰ অৰ্থলোভী সচিব প্ৰদীপ চমুৱাই আত্মসাৎ কৰিছে। এই সন্দৰ্ভত সমবায়খনৰ পৰা চাউল সৰবৰাহ কৰা যান বাহনৰ চালক সকলে উত্থাপন কৰা অভিযোগৰ ভিত্তিত বৃহস্পতি বাৰে এক তদন্ত চলাই যোগান বিভাগে।

ঢকুৱাখনা মহকুমা খাদ্য আৰু যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া কবিন্দ্ৰ মেদক আৰু শ্যাম কুটুমে বৃহস্পতি বাৰে সমবায়খনত উপস্থিত হৈ যান বাহনৰ চালক স্বতাধিকাৰী সকলৰ লগত আলোচনাত মিলিত হয় । আলোচনা কালত চালক স্বত্বাধিকাৰী সকলে আগষ্ট মাহ পৰ্যন্ত মুঠ ১লাখ ৭১ হাজাৰ টকা সমবায় সমিতিৰ চাউল বিতৰণৰ গাড়ী ভাড়াৰ বাবদ পাবলৈ বাকী থকা বিষয়টো স্পষ্ট কৰি দিয়ে যোগান বিভাগক।

সচিব প্ৰদীপ চমুৱাই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা এইসকল চালকক সুদীৰ্ঘ দিন ধৰি কৰি অহা প্ৰতাৰণাৰ বাবেই প্ৰাপ্য গাড়ী ভাড়াৰ ধন লাভ নকৰা বুলি ক্ষোভেৰে জানিবলৈ দি যোগান বিভাগৰ জৰিয়তে এই পুঁজি আদায় দিয়াৰ সুব্যৱস্থা কৰাৰ আহ্বান জনায় । যোগান বিভাগে এই সন্দৰ্ভত সাক্ষ্য গ্ৰহণ কৰি যাবতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনাৰ চাউল "দ'ৰ স্ট্রেপ ডেলিভাৰী"ৰ বিপৰীতে ঠিকাদাৰে প্ৰতি মাহে সঠিক পুঁজি সচিব গৰাকীৰ "একাউন্ট"লৈ যোগান ধৰি আহিছে । কিন্তু এই অৰ্থলোভী চতুৰ সচিব চমুৱাই যথা সময়ত নিয়মীয়া ভাবে এই পুঁজি গাড়ী চালক স্বত্বাধিকাৰী সকলক প্ৰদান নকৰি কুক্ষীগত কৰি আহিছে। সমবায়খনক নিজৰ অবৈধ ধন সম্পত্তি সংগ্ৰহৰ আহিলা হিচাপে ব্যৱহাৰ কৰি অহা সচিব প্ৰদীপ চমুৱাই গাড়ী ভাড়াৰ শিতানৰ পুঁজিও গোগ্ৰাখে উদৰস্থ কৰাৰ তথ্য পোহৰলৈ অহাৰ সময়তে অন্য এক তথ্যও পোহৰলৈ আহিছে। এইজন সচিবে সমবায়খনৰ পৰিচালনা আৰু ব্যক্তিগত কামৰ বাবে অঞ্চলটোৰ মুঠ ৫ গৰাকী ব্যক্তিৰ পৰা মুঠ ৪ লাখ ৩০ হাজাৰ টকা ঋণ হিচাবে লৈছিল ।

পৰৱৰ্তী সময়ত সমবায়খনলৈ প্ৰতিমাহে আবন্তিত চাউল চোৰাংকৈ একাংশ এনে ঋণ দাতাক যোগান ধৰি চৰকাৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ এক কলা বজাৰ গঢ়ি তুলিছিল । সম্প্ৰতি এই চৌৰ্য বৃত্তিত লেকাম লগাত উপায়ন্তৰ হৈছে এইসকল ঋণ ডাতা । বৃহস্পতি বাৰে এইসকল ব্যক্তিও সমবায় সমিতিৰ কাৰ্য্যালয়ত উপস্থিত হৈ যোগান বিষয়াক এই পুঁজি উদ্ধাৰ কৰি দিয়াৰ আহ্বান জনায় । কিন্তু যোগান বিষয়াই এয়া সম্ভৱ নহয় বুলি স্পষ্টভাৱে জানিবলৈ দি নিজে যি প্ৰক্ৰিয়াৰে গৈ উলিয়াব পাৰে সেই পন্থা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়ে ।

এইখিনিতে প্ৰণিধান যোগ্য যে সমবায়খনৰ সভাপতি বগেন বৰুৱা ,উপ সভাপতি বগেন বৰাই যোৱা ২৫ আগষ্টত লখিমপুৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাক সাক্ষাৎ কৰি সচিব চমুৱাই এজেন্ট সকলৰ প্ৰাপ্য পুঁজি আদায় নিদিয়া, সাধাৰণ চাউলকে এছ এন পিৰ চাউল হিচাপে সমাজ কল্যান বিভাগৰ কেন্দ্ৰ সমূহত বিতৰণ কৰা , ২০২২ -২০২৩ বৰ্ষৰ মধ্যাহ্ন ভোজনৰ চাউলৰ পৰিবহনৰ বাবদ এজেন্ট সকলৰ প্ৰাপ্য ৪৩ হাজাৰ টকা উদৰস্থ কৰা আদি বিভিন্ন তথ্যগত অভিযোগ দাখিল কৰিছিল। দাবী কৰিছিল দুৰ্নীতিৰ ভুস্বৰ্গ কৰি তোলা এই সমবায়খনৰ সচিবৰ ওপৰত তদন্ত কৰি এনে অৰ্থলোভী সচিবক বৰ্খাস্ত কৰাৰ । পিছে জিলা প্ৰশাসনে ৰহস্যজনকভাবে এই ক্ষেত্ৰত একো সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

পশ্চিম মাছখোৱা সমবায়ৰ সচিবে লুটিলে পৰিবহন শিতানৰ ডেৰ লক্ষাধিক টকা
আভ্যন্তৰীণ কন্দলে জোকাৰিছে বিজেপিক! শীৰ্ষ নেতৃত্বৰ কাষত এজনৰ পাছত আনজন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in