/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e0deff1e-45bf-4492-8dc8-cb91b9c45860/rt.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ঢকুৱাখনাবাসীলৈ আগবঢ়াইছে প্ৰাক দিপাৱলীৰ উপহাৰ । ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী তথা লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ডঃ শৰ্মাই মহকুমাবাসীলৈ আগবঢ়োৱা এই বহু ইস্পিত উপহাৰে মহকুমাটোৰ প্ৰতিগৰাকী নাগৰিকক উল্লাসিত কৰি তুলিছে। বিগত কেইবা দশক ধৰি মহকুমাটোৰ বিভিন্ন ৰাজনৈতিক দল ,
অৰাজনৈতিক সংগঠনে লখিমপুৰ জিলা সদৰৰ সৈতে ঢকুৱাখনা মহকুমা সদৰ সংযোগী ঢকুৱাখনা-ঘুনাসুঁতি জৰাজীৰ্ণ গড়কাপ্তানি পথটোৰ (সোৱণশিৰী-ঘাগৰহৈ) যাতায়তৰ উপযোগী কৰি পুনৰ নিৰ্মাণ কৰাৰ দাবী জনাই আহিছিল ।
জিলাখনৰ অন্যতম মহকুমা ঢকুৱাখনাৰ সতে লখিমপুৰ সদৰলৈ যাতায়তৰ অতি চমু এই পথটোৰে কেইবা দশক ধৰি অতি বিপদ সংকুল হৈ অহাৰ স্বত্তেও ৰাইজে যাতায়ত অব্যাহত ৰাখি আহিছিল । বিগত কালৰ চৰকাৰ সমূহৰ লগতে জনপ্ৰতিনিধি সকল আৰু লোকনিৰ্মান বিভাগৰ সুদৃষ্টি নপৰা এই প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘৰ অতি চমু পথেৰে মৰণত শৰণ দি সীমাহীন যন্ত্ৰণা ভোগী যাতায়ত অব্যাহত ৰখা এই নাগৰিকৰ দীৰ্ঘদিনীয়া যন্ত্ৰণা দূৰ কৰিবলৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী তথা লোকনিৰ্মান দপ্তৰৰ মন্ত্ৰী ডঃ শৰ্মাই।
ঢকুৱাখনাবাসীৰ বহুদিনীয়া এক প্ৰত্যাশা পূৰণ কৰাৰ মানসেৰে ৰাজ্য চৰকাৰে উক্ত পথৰ সোৱণশিৰি নদীৰ ওপৰত অৱস্থিত ঘূণাসুতিৰ ওপৰত পকী দলং নিৰ্মাণৰ বাবে নিবিদা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰায় ৩১৫.৮৮ কোটি টকা ব্যয়েৰে নিৰ্মিত হব লগা এই পকী দলংৰ বাবে এছ অ পি ডি ২০২২-২০২৩ বর্ষৰ পেকেজ নং - এ এম/এছ অ পি ডি /২০২২-২০২৩-১ ৰ অধীনত এক আঁচনি গ্ৰহণ কৰিছে।
ৰাজ্যৰ লোকনিৰ্মান বিভাগৰ মুখ্য অভিযন্তা (ই এ পি) পৱন তেৰাংয়ে এই পকী দলংৰ বিপৰীতে নিবিদা আহ্বান কৰি চি ই/এ এম /১৩৪ /২০২২-৫ যোগে এক নিৰ্দেশনা জাৰি কৰি অহা ২৮ নৱেম্বৰৰ বিয়লি ২ বজাৰ ভিতৰত নিবিদাকাৰী সকলে উক্ত কামৰ নিবিদা দাখিল কৰিব পাৰিব বুলি লোকনিৰ্মান বিভাগে জানিবলৈ দিছে ।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসমৰ অতি গুৰুত্বপূৰ্ণ আৰু চমুপথ হিচাবে বিবেচিত এই পথটো পুনৰ নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল । তাৰেই প্ৰাৰম্ভিক পদক্ষেপ হিচাবে এই গুৰুত্বপূৰ্ণ দলংখন নিৰ্মাণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাত আশাৰ ৰেঙনি দেখিছে ঢকুৱাখনীয়াই । স্মৰ্তব্য যে সম্প্ৰতি এই পথটো একেবাৰে জৰাজীৰ্ণ আৰু ব্যৱহাৰৰ অনুপযোগী আৰু যান বাহনৰ চলাচল দুৰ্বিসহ হৈ পৰাৰ বাবে প্ৰায় ৭৮ কিলোমিটাৰ অতিক্ৰমি ঘিলামৰা গোগামুখ হৈ ৰাইজ জিলা সদৰৰ সতে যোগাযোগ ৰাখিব লগীয়া হৈ আহিছে অতিৰিক্ত সময় আৰু ধনৰ অপচয় কৰি ।
যুগ যুগ ধৰি অব্যাহত থকা এই দুৰৱস্থাৰ অনুধাৱন কৰি ইয়াৰ স্থায়ী নিৰাময়ৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল পথটো সুচল কৰাৰ। পৰৱৰ্তী সময়ত নিজে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে ডঃ শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিধায়ক নৱ দলে , ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পূৰ্ণানন্দ গগৈ , প্ৰাক্তন সম্পাদক দ্বিগেন্দ্ৰ নাথ হাজৰিকাকে ধৰি বিভিন্ন সংগঠনৰ নেতৃবৰ্গইমুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে । ঢকুৱাখনাবাসীৰ আশা এই গুৰুত্বপূৰ্ণ জৰাজীৰ্ণ পথছোৱাৰ বিপৰীতেও শীঘ্ৰে ৰাজ্য চৰকাৰে নিবিদা আহ্বান কৰি বহু আকাংক্ষিত সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি তুলিব।