
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য প্ৰশাসনৰ প্ৰধানতম চালিকা শক্তি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকল । দিবা নৈশ একাকাৰ কৰি চৰকাৰী নিষ্ঠাবান সেৱা আগবঢ়াই অহা এইসকল কৰ্মঠ চৰকাৰী কৰ্মচাৰীৰ শ্ৰমৰ সঠিক মূল্যায়ন কৰিব নজনা আৰু কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰা ৰাজ্য চৰকাৰৰ হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে সোমবাৰে সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ঢকুৱাখনাত ।
প্ৰধানতঃ নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা , কৰ্মচাৰী সকলৰ বিনামূলীয়া স্বাস্থ্য বীমা সেৱা আঁচনি কাৰ্যকৰী কৰা , শিক্ষাগুৰু সকলৰ আৰ্জিত ছুটি ৩০ দিনলৈ বৃদ্ধি কৰা, শিক্ষাগুৰু আৰু কৰ্মচাৰী সকলৰ প্ৰাপ্য বকেয়া ধন তৎকালে আদায় দিয়া , ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী ,অতিৰিক্ত শিক্ষক ,টিউটৰ আদি সকলোৰে চাকৰি নিয়মীয়াকৰণ কৰা আদি মুঠ ২১ টা দাবীৰ সমৰ্থনত সদৌ অসম কৰ্মচাৰী পৰিষদে ধাৰাবাহিক ভাবে চলাই অহা গণতান্ত্ৰিক সংগ্ৰামৰ দাবীৰ প্ৰতি ৰাজ্য চৰকাৰে প্রদর্শন কৰি অহা বেপৰোৱা মনোভাবৰ প্ৰতিবাদত সোমবাৰে বিয়লি ৰাজ্যিক সমিতিৰ আহ্বানত ঢকুৱাখনাত সাব্যস্ত কৰা হয় ৰাজহুৱা প্ৰতিবাদ।
ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত , জিলা সমিতিৰ মুঠ ৮ খন আঞ্চলিক সমিতিৰ সহযোগত কৰ্মচাৰী ভৱন প্ৰাংগণত বিয়লি অনুষ্ঠিত কৰা হয় প্ৰতিবাদী সভা । জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া , সাধাৰণ সম্পাদক সুনীল কুমাৰ দত্তৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী সভাত ঢকুৱাখনা মণ্ডল কাননগুহ সন্মিলনী , ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থা ,ঢকুৱাখনা জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা ,ঢকুৱাখনা জিলা প্ৰশাসন কৰ্মচাৰী সন্থা , ঢকুৱাখনা এ এন এম সন্থা , ঢকুৱাখনা জিলা আমোলা সন্থা , ঢকুৱাখনা জিলা গড়কাপ্তানী শ্ৰমিক সন্থা , ঢকুৱাখনা মহকুমা অংগনৱাদী কৰ্মী সহায়িকা সন্থা আদিৰ অৰ্ধশতাধিক প্ৰতিনিধি কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিবাদী সভাত সভাপতিত্ব কৰে জিলা সভাপতি অতুল চুতীয়াই।
জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক সুনীল কুমাৰ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিবাদী সভাত কৰ্মচাৰী সকলৰ নাৰ্য প্ৰাপ্য প্ৰদানৰ বেলিকা ৰাজ্য চৰকাৰৰ উদাসীন ভূমিকা আৰু দায়িত্বহীন আচৰণ সন্দৰ্ভত বহু কেইগৰাকী নেতৃত্বই অভিজ্ঞতালব্ধ বক্তব্য আগবঢ়াই । সভাত অতুল চুতীয়াই ৰাজ্যখনৰ কৰ্মচাৰী সকলৰ যৌথ মঞ্চ কৰ্মচাৰী পৰিষদৰ নাৰ্য দাবী প্ৰাপ্তিৰ ক্ষেত্ৰত সহনশীলতাৰে সাব্যস্ত কৰি অহা গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি চৰকাৰে প্রদর্শন কৰা উদাসীন ভূমিকাৰ বাবে পৰৱৰ্তী সময়ত এই প্ৰাপ্তিৰ দাবীত কঠোৰ আৰু কঠোৰতম প্ৰতিবাদ সাব্যস্ত হলে চৰকাৰে জগৰীয়া হব বুলি মন্তব্য কৰে ।
সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জীৱন গগৈয়ে কয় কৰ্মচাৰী পৰিষদে এটা দশক ধৰি আন্দোলন বৰ্জিত পৰিবেশ সৃষ্টি কৰি প্ৰাপ্য আদায়ৰ সংগ্ৰাম চলাই আহিছে । বৃহত্তৰ সমাজৰ স্বাৰ্থত আমি সৰ্বস্ব ত্যাগ কৰি যাম ঠিকেই কিন্তু আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰি যোৱা অসংবিধানিক পদক্ষেপ সহনীয় নহয় । প্ৰতিবাদী সভাত ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষী হাতী বৰুৱাই কয় মন্ত্ৰী বিধায়কে নিজৰ আৰ্থিক নিৰাপত্তা সুৰক্ষিত কৰাৰ স্বাৰ্থত আইন প্ৰৱৰ্তন কৰি সকলো সা সুবিধা ভোগ কৰি আছে।
কিন্তু নিৰন্তৰ জনসেৱাত জড়িত ৰাজ্যখনৰ কৰ্মচাৰী সকলক নূন্যতম প্ৰাপ্য খিনি দিয়াৰ প্ৰতি এনে চৰকাৰৰ তিলমানো গুৰুত্ব নাই । হাতী বৰুৱাই কয় "এয়া এক লজ্জাৰ বিষয়। আমি আমাৰ প্ৰাপ্য আজুৰি আনিব লাগিব। ইয়াৰ বাবে সকলো একত্ৰিত হব লাগিব ।" জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী পৰিষদৰ বিষয়ববিয়া দিলীপ ভৰলুৱা ,মণ্ডল কাননগুহ সন্থাৰ হৈ জিতেন গগৈ , সদৌ অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক উপ সভাপতি বীৰেন সন্দিকৈ ,শিক্ষক প্ৰভু নাথ মেদকেও চমু বক্তব্য আগবঢ়াই ।
সভাত প্ৰধান শিক্ষক হেমেন কলিতাই কয় ৰাজ্যখনৰ কৰ্মচাৰী সমাজ সীমাহীন অভাৱ সমস্যাত জৰ্জৰিত। এই দীৰ্ঘকালীন অভাৱ দূৰ কৰিবলৈ সাৰ্বজনীন আৰু সংঘবদ্ধ প্ৰতিবাদ হবই লাগিব। ঐক্যবদ্ধ প্ৰতিবাদ হলেহে সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হব। নাৰ্য প্ৰাপ্য আদায়ৰ বাবে প্ৰতিবাদৰ বিকল্প নাই আৰু ঐক্যবদ্ধ সংগ্রামেহে প্ৰাপ্তি আদায়ৰ পথ প্ৰশস্ত কৰিব বুলি মন্তব্য কৰে বক্তা শিক্ষক কলিতাই । সভাৰ অন্তত ঢকুৱাখনাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।