/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-08/q0v07919/AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক দ্বি বাৰ্ষিক ৰাজ্যিক অধিবেশনখন ঢকুৱাখনাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ঢকুৱাখনা আৰু ধেমাজি জিলা মায়ামৰা সাংস্কৃতিক সমাজৰ যৌথ উদ্যোগত অহা ২০২৫ বর্ষৰ ৩১ জানুৱাৰী আৰু ১ ,২ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ঢকুৱাখনাৰ বাহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হব লগা এই ৰাজ্যিক অধিবেশনৰ সফল অনুষ্ঠিতকৰণৰ বাবে ইতিমধ্যে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ।
অধিবেশনৰ অভ্যৰ্থনা সমিতিযে ৰাজ্যিক অধিবেশনৰ সৈতে ৰজিতা খুৱাই এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নীলমণি দাসৰ সম্পাদনাত প্ৰকাশ পাব লগা এই স্মৃতিগ্ৰস্থত প্ৰকাশৰ বাবে আগ্ৰহী লেখকৰ পৰা লেখনি আহ্বান কৰিছে সম্পাদনা সমিতিযে । মায়ামৰা সমাজৰ আদি গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ জীৱন চৰিত , আধ্যাত্মিক মাৰ্গ দৰ্শন , গুৰুজনাৰ অমিয়া সৃষ্টি ৰাজিৰ ঐতিহ্য বিচাৰৰ গৱেষণা মূলক লেখনিৰ লগতে মায়ামৰা সমাজৰ ৰীতি নীতি ,ধৰ্মীয় পৰম্পৰা, আচাৰ আচৰণ আৰু লোক সংস্কৃতিৰ বৰ্ণাঢ্য সম্পদৰ বিশ্লেষণাত্মক লেখনিৰ লগতে ভিন্ন ধৰ্মী লেখা কামনা কৰিছে সম্পাদক দাসে ।
অহা ১০ ডিচেম্বৰৰ ভিতৰত সম্পাদনা সমিতিযে পোৱাকৈ স্পষ্ট আখৰেৰে হাতে লিখা অথবা ডি টি পি কৰি লেখা সমূহ প্ৰেৰণ কৰিব পাৰিব বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিছে । লেখনি সমূহ সম্পাদক ,স্মৃতিগ্ৰন্থ , সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ দ্বি বাৰ্ষিক অধিবেশন , মাৰফৎ- পি কে কমাৰ্চিয়েল এণ্ড অফচেত প্ৰিণ্টাৰছ ,ঢকুৱাখনা চাৰিআলি , ডাক- ঢকুৱাখনা , জিলা - লখিমপুৰ ,পিন- ৭৮৭০৫৫ ঠিকনাত পোৱাকৈ প্ৰেৰণ কৰিব পাৰিব । ইয়াৰোপৰি লেখনি সমূহ সম্পাদকৰ ই মেইল আই ডি -- nilamonidas83@gmail,com আৰু dkparagkonch@gmail,com যোগে আৰু 9101793090 নম্বৰত whatsaap ৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ সম্পাদক গৰাকীয়ে অনুৰোধ জনাইছে ।