Advertisment

ঢকুৱাখনাৰ ধৰ্মপ্ৰাণ ব্যক্তি দেবেন চুতীয়াৰ বিয়োগ...

ঢকুৱাখনাৰ সমাজ জীৱনৰ এগৰাকী সদা সক্ৰিয় ব্যক্তি, ঢকুৱাখনা পৌৰ সভাৰ অন্তৰ্গত ৫নং ৱাৰ্ডৰ বালিগাঁৱ নিবাসী সৰবৰহী ব্যক্তি দেবেন চুতীয়াৰ শুক্ৰবাৰে পুৱতি নিশা প্ৰায়

author-image
Asomiya Pratidin
New Update
kkk

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ সমাজ জীৱনৰ এগৰাকী সদা সক্ৰিয় ব্যক্তি, ঢকুৱাখনা পৌৰ সভাৰ অন্তৰ্গত ৫নং ৱাৰ্ডৰ বালিগাঁৱ নিবাসী সৰবৰহী ব্যক্তি দেবেন চুতীয়াৰ শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ৩.২৫ বজাত  দেহাবসান ঘটে। প্ৰায় ৬৯ বছৰ বয়সীয়া চুতীয়া বাৰ্ধক্যজনিত কাৰণত  নিজা বাসগৃহতে কিছুদিন  চিকিৎসাধীন হৈ আছিল ।

Advertisment

এনে অৱস্থাতে শুক্ৰবাৰে পুৱতি নিশা ধৰ্মপ্ৰাণ ব্যক্তি গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটি পৰলোকপ্ৰাপ্তি ঘটে । প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী একনিষ্ঠ সেৱক , মিষ্টভাষী চুতীয়াৰ মৃত্যুত সংঘৰ ভকত বৈষ্ণৱ বৃন্দ, ঢকুৱাখনা বালি গাঁও যুৱ সমাজে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে ৷  মৃত্যুৰ সময়ত চুতীয়াই পত্নী বকুলি চুতীয়া, পুত্ৰ, বোৱাৰীৰ লগতে অজস্ৰ  আত্মীয়-স্বজনক ইস সংসাৰত এৰি গৈছে । 

অসম