মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৫০ নিবনুৱালৈ মীন পালনৰ অৰ্থ সাহায্য প্ৰদান…

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৫০ নিবনুৱালৈ মীন পালনৰ অৰ্থ সাহায্য প্ৰদান…

author-image
asomiyapratidin
New Update

ডিজিটেল সংবাদ, ঢকুৱাখনা: শিক্ষা, জীৱন-জীৱিকা আৰু ক্ৰীড়া ক্ষেত্রত সৰ্বাধিক গুৰুত্ব প্ৰদানেৰে মিচিং স্বায়ত্ব শাসিত পৰিষদে আৰম্ভ কৰা প্ৰগতিশীল আৰু স্বাৱলম্বী  সমাজ গঠন কৰ্মসূচী অনুসৰি বুধবাৰে  ঢকুৱাখনাত গ্ৰহণ কৰা হয় প্ৰশিক্ষিত নিবনুৱা সকলৰ   জীৱন জীৱিকা উদগনি মূলক কাৰ্যসূচী।  মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পূব ঢকুৱাখনা মাতমৰা  পৰিষদীয় সমষ্টিৰ  সদস্য তথা পৰিষদৰ অধ্যক্ষ সুনীল পেগুৰ উদ্যোগত   ঢকুৱাখনা  নগৰৰ জনজাতি সংঘ প্ৰাংগণত  সমষ্টিটোৰ ৫০ গৰাকী  উদীয়মান ,প্ৰশিক্ষণ প্ৰাপ্ত  নিবনুৱা মীন পালকৰ সৈতে  মীন পালনেৰে স্বাৱলম্বনৰ সন্দৰ্ভত  মত বিনিময় কৰে ।

Advertisment

ঢকুৱাখনা জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাঙ , উদীয়মান কৃষক যতীন পেগু , ৰাজু খনিকৰ  আদিৰ উপস্থিতিত  পৰিষদৰ অধ্যক্ষ পেগুৱে  মীন পালনৰ লগতে  সমন্বিত কৃষি  সন্দৰ্ভত প্ৰশিক্ষিত নিবনুৱা সকলৰ সৈতে  বাৰ্তালাপ কৰি জীৱন জীৱিকা  আৰু স্ব নিয়োজনৰ ক্ষেত্ৰত  মীন পালনক প্ৰধান উপজীব্য হিচাবে গ্ৰহণ কৰাৰ আহ্বান জনায়।  কিদৰে মীন পালনৰ লগতে সমন্বিত কৃষিৰে নিজৰ লগতে অন্য নিবনুৱাৰ স্বাৱলম্বনৰ পথ প্ৰশস্ত  কৰিব পাৰি  তাৰ ওপৰত অভিজ্ঞতালব্ধ  বক্তব্য আগবঢ়াই উদ্যমী কৃষক ৰাজু খনিকৰ ,যতীন পেগু , জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাঙ আদিয়ে।  

সভাতেই  সমষ্টিটোৰ  মুঠ ৫০ গৰাকী প্ৰশিক্ষিত  নিবনুৱাক প্ৰথম কিস্তি আৰ্থিক সাহায্য বিতৰণ কৰে । সভাত উপস্থিত থাকি  মিচিং শায়ত্ব শাসিত পৰিষদৰ  খেৰকটা দাংধৰা সমষ্টিৰ সদস্যা বিউতি পেগু , কেন্দ্ৰীয় সমিতিৰ সদস্য মিগাং ৰাজীৱ দলে, কেন্দ্ৰীয় সমিতিৰ এম এম কেৰ সদস্য মিগাং সুৰেশ দলে, টি এম পি কেৰ  ঢকুৱাখনা জিলা সমিতিৰ সভাপতি মিগাং বৃগেন দলে , এম এম কেৰ সম্পাদক মিগাং মোহন পেগু ,ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ উপ  সভানেত্ৰী গুণলতা কুটুম পেগু  আদিয়ে  প্ৰশিক্ষিত নিবনুৱা  সকলক  নিষ্ঠা আৰু আত্মনিয়োগেৰে  পৰিষদৰ প্ৰদত্ত  অৰ্থানুদানেৰে  স্বাৱলম্বী হৈ নিজৰ লগতে  আনকো স্বাৱলম্বী হোৱাৰ বাবে আগ্ৰহী হবলৈ  আহ্বান জনায়।  উপস্থিত  উপকৃত  প্ৰশিক্ষিত নিবনুৱা সকলেও  নিষ্ঠা আৰু  সততাৰে স্বাৱলম্বনৰ পথত অগ্ৰসৰ হোৱাৰ সংকল্প গ্ৰহনৰ কথা ব্যক্ত কৰে সভাত।