গ্লোবেল ইনষ্টিটিউট অব ইফৰ্মেশ্বন টেকন’লজিৰ মেধাৱী প্রশিক্ষাৰ্থীক সম্বৰ্ধনা …

গ্লোবেল ইনষ্টিটিউট অব ইফৰ্মেশ্বন টেকন’লজিৰ মেধাৱী প্রশিক্ষাৰ্থীক সম্বৰ্ধনা …

author-image
asomiyapratidin
New Update
গ্লোবেল ইনষ্টিটিউট অব ইফৰ্মেশ্বন টেকন’লজিৰ মেধাৱী প্রশিক্ষাৰ্থীক সম্বৰ্ধনা …

ডিজিটেল সংবাদ, ঢকুৱাখনা: সাম্প্ৰতিক সময়ৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰখনৰ অতি জৰুৰী শিক্ষা তথা অৰ্হতা হিচাপে  বিবেচিত কম্পিউটাৰ শিক্ষাক ঢকুৱাখনা মহকুমাত সাৰ্বজনীন কৰি তোলাৰ এক বৌদ্ধিক জাগৰণ সৃষ্টি কৰি আহিছে "গ্লোবেল ইনষ্টিটিউট অব ইফৰ্মেশ্বন টেকন'লজি"ৰ ঢকুৱাখনা শাখাই। 

উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত মেটমৰা অৱদান আগবঢ়াই অহা এই প্ৰতিষ্ঠানটোৰ  উদ্যোগত ৪১  গৰাকী  মেধাৱী প্রশিক্ষাৰ্থীক মঙলবাৰে সম্বৰ্ধনা জনোৱা হয়। ২০০৯ চনৰ পৰাই নিৰবিছিন্ন ভাবে  ঢকুৱাখনা নগৰৰ মাজ মজিয়াত অৱস্থিত "মূলৰাম থুৰিমলা ভৱন" প্ৰাংগণত  গুণগত  কম্পিউটাৰ শিক্ষাৰ প্ৰশিক্ষণ  প্ৰদান কৰি অহা এই প্ৰতিষ্ঠানটোৱে  মঙলবাৰে প্ৰতিষ্ঠানখনৰ পৰা ২০২১- ২০২২ শিক্ষা বর্ষত সুখ্যাতিৰে আৰু মেধাত্ব প্ৰদর্শনেৰে  প্ৰথম ষাণ্মাসিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ ৪১ গৰাকী  প্ৰশিক্ষাৰ্থীক উষ্ণ সম্বৰ্ধনা জনাই । 

এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী টুটুল প্ৰসাদৰ ব্যক্তিগত  উদ্যোগত ঢকুৱাখনা নগৰৰ ধৰমশালা ভৱন প্ৰাংগণত  অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা ।   বিশিষ্ট অৱসৰী শিক্ষাবিদ  দ্বিগেন্দ্ৰ নাথ হাজৰিকা , জিতু চমুৱা  আদিৰ উপস্থিতিত অনুষ্ঠিত মান্যতা প্ৰদান অনুষ্ঠানত  শৈক্ষিক প্ৰতিষ্ঠানটোৰ পৰা ২০২১-২০২২শিক্ষা  বর্ষৰ প্ৰথম ষাণ্মাসিকৰ পি জি দি চি এ শিতানত  সৰ্বোচ্চ নম্বৰ প্ৰাপক তথা প্ৰথম স্থান প্ৰাপক প্ৰশিক্ষাৰ্থী  ক্ৰমে আৰাধ্যা গোস্বামী (৯২'%) , দ্বিতীয় স্থান প্ৰাপক  মনালিছা বৰুৱা(৯১%) , তৃতীয় স্থান প্ৰাপক তুলিকা হাজৰিকা (৯০%) , চতুৰ্থ স্থান প্ৰাপক জানমণি দলে (৮৪%) , আৰু  এ ডি চি এ শিতানত পঞ্চম স্থান প্ৰাপ্ত  সুজানি দাস(৮১%) ক স্মাৰক বঁটা , মেডেল আদি প্ৰদানেৰে  মেধাত্বৰ স্বীকৃতি প্ৰদান কৰি বিশেষ ভাবে  সম্বৰ্ধনা জনোৱা হয়।  

শিক্ষানুষ্ঠানখনৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰী ৰশ্মি ৰেখা  চাংমাইয়ে সুললিত কণ্ঠেৰে আঁত ধৰা  মনোজ্ঞ অনুষ্ঠানটোত  প্ৰতিষ্ঠানটোৰ পৰা ২০২১- ২০২২ শিক্ষা বর্ষৰ প্ৰথম ষান্মাষিকৰ  পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ  ৩৬ গৰাকী প্ৰশিক্ষাৰ্থীকো মান্যতা সূচক "মেডেল" প্ৰদান কৰে  স্বত্বাধিকাৰী প্ৰসাদ আৰু অভ্যাগত সকলে ।  প্ৰশিক্ষাৰ্থী সকলক শৈক্ষিক দিশত পৰম উৎসাহেৰে আগুৱাই যোৱাৰ সমান্তৰাল ভাৱে  নিজকে এগৰাকী পাৰদৰ্শী , সুদক্ষ আৰু মেধাবী কম্পিউটাৰ প্রশিক্ষাৰ্থী হিচাবে গঢ় দিয়াৰ বাবে অনুপ্ৰেৰণা প্ৰদানৰ লক্ষ্যৰে তেওঁৰ  একক আৰু ব্যক্তিগত প্ৰচেষ্টাত  এনে কাৰ্যসূচী গ্ৰহন কৰা বুলি  স্বত্বাধিকাৰী টুটুল প্ৰসাদে জানিবলৈ দিয়ে  । 

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অৱসৰ প্ৰাপ্ত শিক্ষাবিদ দ্বিগেন্দ্ৰ নাথ হাজৰিকা ,  জিতু চমুৱা ,প্ৰশিক্ষক নিতুল দাস  আদিয়ে শুভেচ্ছা মূলক বক্তব্য ৰাখে । তাৰোপৰি  সৰ্বোচ্চ স্থান প্ৰাপক ৫ গৰাকী মেধাবী প্রশিক্ষাৰ্থীয়েও চমু অভিজ্ঞতালব্ধ  মনোভাব ব্যক্ত কৰে  সভাত ।  শৈক্ষিক প্ৰতিষ্ঠানটোৰ  এনে উদগনি মূলক প্ৰচেষ্টাক  শিক্ষানুৰাগী ৰাইজে একেমুখে শলাগ লৈছে ।