ঢকুৱাখনা-ঘিলামৰাৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী নৱ দলেৰ একাধিক নিৰ্মান কাৰ্যৰ শুভাৰম্ভ, ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন…

ঢকুৱাখনা-ঘিলামৰাৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী নৱ দলেৰ একাধিক নিৰ্মান কাৰ্যৰ শুভাৰম্ভ, ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন…

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক লগত লৈ ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত মঙলবাৰে মন্ত্ৰী নৱ দলেয়ে একাধিক উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। ঢকুৱাখনা মহকুমা প্ৰশাসনৰ মুৰব্বী বিষয়া সকলৰ লগতে জিলা বিজেপিৰ নেতা কৰ্মী সকলে সংগ দিয়া এই দিনজোৰা কাৰ্যসূচী পুৱা ঢকুৱাখনাৰ পূব ঢকুৱাখনা গাঁও পঞ্চায়তত শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে।

চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁ‌জিৰে পূৱ ঢকুৱাখনা গাঁও পঞ্চায়তৰ মুৱামাৰি প্ৰাথমিক বিদ্যালয়ৰ পুনৰ নিৰ্মাণ, ভোমা জাৰণি হাইস্কুলৰ চাইকেল ষ্টেণ্ডৰ নিৰ্মাণকাৰ্য, পূব ঢকুৱাখনা জাতীয় বিদ্যালয়ৰ কাৰ্যালয় গৃহৰ নিৰ্মাণ কাৰ্যকে ধৰি মাতমৰা পঞ্চায়তৰ কাৰ্পুণপুলি প্ৰাথমিক বিদ্যালয় গৃহৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে মন্ত্ৰী নব দলেয়ে।

ইয়াৰ পাছতে দুপৰীয়া স্বেচ্ছাসেৱী সংগঠন "ৰটাৰী ইন্টাৰনেচনেল ডিষ্ট্ৰিক্ট ৩২৪০" ৰ উদ্যোগত ঢকুৱাখনাৰ ২০০ টা বানাক্ৰান্ত পৰিয়াললৈ সাহায্য সামগ্ৰী বিতাৰণ কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ পাছতে শেহতীয়া বানত বেয়াকৈ ক্ষত্ৰিগ্ৰস্ত হোৱা ঢকুৱাখনাৰ বৰদৈবাম অঞ্চলত ৰটাৰী ক্লাবৰ সহযোগত বান সাহায্য বিতৰণ কৰাৰ পাছত বৰদৈবামৰ মাজিগাঁও প্ৰাথমিক বিদ্যালয়ৰ পুনঃ নিৰ্মান, ঘিলামৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰক্ষাগৃহ আৰু দেউলিয়াৰ ছাকুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, এই আটাইবোৰ অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকি ৰাইজৰ নানা অভাৱ অভিযোগ গ্ৰহণ কৰে। আনহাতে মঙলবাৰে মন্ত্ৰী গৰাকীয়ে ইমানখিনি উন্নয়নমূলক কাম হাতত লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত কয় যে, "দেশৰ শেহতীয়া বৃত্তিয় পৰিস্থিতিৰ বাবে কিছুমান কাম আমি সময়মতে কৰিব পৰা নাই যদিও ঢকুৱাখনাৰ নানা সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত আমি কেতিয়াও ৰৈ নাথাকো। ঢকুৱাখনা বাসীয়ে যি আস্থা আৰু বিশ্বাসত আমাক নিৰ্বাচিত কৰিছে তাৰ বাবে আমি প্ৰতিমুহুৰ্তত ঢকুৱাখনাৰ উন্নয়নৰ বাবে কাম কৰিবলৈ বাধ্য।"

ইফালে মঙলবাৰে শুভাৰম্ভ কৰা কাম সমূহ অতি সোনকালে নিৰ্মান সম্পূৰ্ণ তথা উন্নতমানেৰে নিৰ্মান নকৰিলে ইয়াৰ লগত জড়িত সকলোৰে ওপৰত ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে । ইয়াৰ বাবে ঢকুৱাখনাৰ মহকুমা ধিপতি আৰু খণ্ড উন্নয়ন বিষয়া গৰাকীক সকলো কাম ভালকৈ নিৰীক্ষণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

আনহাতে দীৰ্ঘদিনৰ পৰা বান তথা গৰাখহনীয়া সমস্যাত জৰ্জৰিত ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব ঢকুৱাখনা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গড়া খহনীয়া আজি মন্ত্ৰী আৰু সাংসদ গৰাকীয়ে পৰিদৰ্শন কৰি অতি সোনকালে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ভুক্তভোগী ৰাইজক।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in