ঢকুৱাখনাৰ ৫ মিচিং জাতীয় সংগঠনৰ জাতীয় সংগ্ৰাম অধিক ত্বৰাণিত কৰাৰ সংকল্প…

ঢকুৱাখনাৰ ৫ মিচিং জাতীয় সংগঠনৰ জাতীয় সংগ্ৰাম অধিক ত্বৰাণিত কৰাৰ সংকল্প…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাৰ ৫ মিচিং জাতীয় সংগঠনৰ জাতীয় সংগ্ৰাম অধিক ত্বৰাণিত কৰাৰ সংকল্প…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় ৰাইজৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ প্ৰাপ্তিৰ যুগজয়ী গণতান্ত্ৰিক সংগ্ৰামখন অধিক গতিশীল আৰু ত্বৰানিত কৰাৰ সংকল্প গ্ৰহণেৰে মিচিং জাতীয় সংগঠনৰ পূব ঢকুৱাখনাৰ ৫খন আঞ্চলিক সমিতিয়ে দেওবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে।  পূব ঢকুৱাখনাৰ কে কে ডি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংগঠণিক সভাত এই সংকল্প গ্ৰহণ কৰি অনাগত কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে  জাতিয় সংগঠন কেইটাৰ নবগঠিত মিচিং বানে কেবাং ,মিচিং দৃৰবৃ কেবাং , মিচিং মিমাগ কেবাং , টাকাম মিচিং পৰিন কেবাং আৰু টাকাম মিচিং মিমে কেবাংৰ  পূব ঢকুৱাখনা আঞ্চলিক সমিতি কেইখনে। 

নৱগঠিত সমিতি সমূহৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত কেন্দ্ৰীয় নেতা ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে শপত বাক্য পাঠ কৰায়।  কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ক্ষীৰোদ পেগু , দিপাঞ্জল দলে, ৰাজীৱ দলে, লক্ষ্য নাথ দলে , জ্যোতিষ পেগু , ঢকুৱাখনা জিলা নেতৃবৰ্গ বৃগেন দলে , মোহন পেগু , নৱ কুমাৰ লয়িং , অমৃত দলে , বিষ্টো নাথ দলে আদিৰ উপস্থিতিত  অনুষ্ঠিত সভাত মিচিং বানে কেবাংৰ সভাপতি পৰীক্ষিত মিলি ,,সম্পাদক ললিত দলে , মিচিং দৃৰবৃ কেবাংৰ সভাপতি বীৰেন্দ্ৰ লাগাছো ,  সম্পাদক দুলাল পেগু ,টাকাম মিচিং পৰিন কেবাঙৰ সভাপতি মনোজ দাৰিক ,সম্পাদক জ্যোতিষ দলে , মিচিং মিমাগ কেবাংৰ  সভাপতি দিব্য কুমাৰ পেগু ,সম্পাদক মাণিক দলে , টাকাম মিচিং মিমে কেবাংৰ সভানেত্ৰী গীতা মিলি ,সম্পাদিকা পপী তৰা পেগুৱে শপত গ্ৰহণ কৰি অনাগত কাৰ্যকালৰ বাবে জাতীয় নাৰ্য্য প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাৰ গণতান্ত্ৰিক সংগ্ৰামখন অধিক গতিশীল কৰি তোলাৰ সংকল্প গ্ৰহণ কৰে।  সভাত  স্বগোষ্ঠীৰ পিতৃ সংগঠনৰ নীতি নিৰ্দেশনা বাস্তৱায়িত কৰি গোগামুখ অধিবেশনৰ নিৰ্দেশনাৱলী বাংকে সমূহত কাৰ্যকৰী কৰাৰ স্বাৰ্থত সংঘবদ্ধ সংগঠনিক শক্তি প্ৰয়োগ কৰাৰ পণ লয়।