ঢকুৱাখনা জিলা মিচিং বানে কেবাং-দৃৰবি কেবাঙৰ প্রতিনিধিত্বমূলক সভা…

ঢকুৱাখনা জিলা মিচিং বানে কেবাং-দৃৰবি কেবাঙৰ প্রতিনিধিত্বমূলক সভা…

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমৰ অন্যতম দ্বিতীয় সৰ্ব বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং  সকলৰ জাতীয়  সত্তা স্বৰূপ মিচিং বানে কেবাং ( মিচিং মহা সভা) আৰু মিচিং দৃৰবি কেবাং  ( মিচিং সাংস্কৃতিক  সভা) ৰ ঢকুৱাখনা জিলা সমিতিৰ এখন  বিশেষঅ প্ৰতিনিধিত্বমূলক  সভা  দেওবাৰে ঢকুৱাখনা নগৰৰ মিচিং কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত হয় । জনগোষ্ঠীটোৰ জাতীয় সভা দুখনৰ শতাধিক  প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা বিশেষ প্ৰতিনিধিত্ব মূলক সভাৰ দুখন পতাকা উত্তোলন কৰে  প্ৰাক্তন আগম কেবাংৰ কেন্দ্ৰীয়  প্ৰাক্তন  সদস্য  বীৰেশ পেগু   আৰু দৃৰবৃ কেবাংৰ  কেন্দ্ৰীয় সমিতিৰ সদস্য খৰ্গেশ্বৰ দলেয়ে  । 

ইয়াৰ পাছতে মিচিং জাতীয় সংগঠন  মিচিং মিমাগ কেবাংৰ কেন্দ্ৰীয় সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ দলেয়ে উদ্ধোধন কৰা    বিশেষ প্ৰতিনিধি সভাত জাতীয় সভা দুখনৰ নেতৃবৰ্গ ক্ৰমে  ইন্দিৰা চিন্তে কুম্বাং,  ইন্দ্ৰ কুমাৰ চুংক্ৰাং , ভৱজিত দলে , পবিত্ৰ  পেগু , বগীৰাম কুটুম , পবিত্ৰ পেগু , বিউটি পেগু ,মিচিং বানে কেবাঙৰ উপ সভাপতি ৰঞ্জিত দলে ,মিচিং দৃৰবৃ কেবাঙৰ প্ৰাক্তন সম্পাদক ভদ্ৰ কুমাৰ দলে, সৰলা পেগু , জাতীয় সংগঠনৰ নেতা ক্ষীৰোদ  পেগু ,  যতীন পেগু ,  যোগেশ কুম্বাং , ৰাজীৱ দলে , সুৰেশ দলে ,  মাজুলীৰ ছাত্ৰ নেতা অৰুণ গাম , খনিন্দ্ৰ মেদক, দীপাঞ্জল দলে , ৰেণুমাই দলে  আদিয়ে অংশ গ্ৰহণ কৰে।  মিচিং দৃৰবৃ কেবাঙৰ প্ৰাক্তন সম্পাদক ভদ্ৰ কুমাৰ দলে আৰু পবিত্ৰ পেগু সভাপতিত্বত অনুষ্ঠিত সভাত দুয়োখন সমিতিৰ ২২খন বাংকেৰ  প্ৰতিনিধিবৰ্গ উপস্থিত থাকে। প্ৰতিনিধি সভাত  বানে কেবাংৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰঞ্জিত দলেয়ে  বক্তব্য ৰাখি ১৯২৪ চনৰ প্ৰতিষ্ঠাকালৰ পৰা  বানে কেবাংৰ  লক্ষ্য উদ্দেশ্য দাবী , ইতিহাস আৰু সাংগঠনিক পৰিকাঠামো সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই সাম্প্ৰতিক সময়ৰ কেবাংৰ  লক্ষ্য সন্দৰ্ভত তুলনাত্মক বক্তব্য আগবঢ়াই।

দলেয়ে এটা জাতিৰ আধা অংশ মানুহ যদি পাক ঘৰতেই ব্যস্ত  হৈ থাকে  তেনে জাতিৰ উন্নতি  কোনোদিনেই সম্ভৱ নহয় বুলি কয় । সভাত   মিচিং মিমাগ কেবাংৰ বিষয়ববীয়া খনিন্দ্ৰ মেদকে  বানে কেবাংৰ ২০১৫ চনৰ গোগামুখ ঘোষনা পত্ৰৰ  মিছন ২০২৪ , বান গৰা খহনীয়া সমস্যা ,জীৱন জীৱিকা আৰু অৰ্থনৈতিক ভৱিষ্যত, শিক্ষা ,সামাজিক সংস্কাৰ , ধর্মীয় বিশ্বাস , ভাষা আদি কাৰ্যকৰী কৰিবলৈ  জনগোষ্ঠীটোৰ   একাংশ নেতৃবৰ্গই পৰ্য্যাপ্ত  গুৰুত্ব নিদিয়া বুলি আক্ষেপ প্ৰকাশ কৰে। মেদকে মিচিং জনগোষ্ঠীটোক সৰ্ব দিশত আগুৱাই নিবলৈ, গোগামুখ ঘোষণা পত্ৰৰ সফল  ৰূপায়ন কৰিবলৈ জাতিটোৰ ৬টা জাতীয় সভা-সংগঠনে একত্ৰিত আৰু সংঘবদ্ধ ভাবে কাম কৰাৰ পোষকতা কৰে। অন্যথাই ১২ লাখ জনসমষ্টিৰে পৰিপূৰ্ণ মিচিং জাতিটোৰ সৰ্বাংগীন উত্তৰণ অসম্ভৱ বুলি কৈ উদাত্ত বক্তব্য ৰাখে । 

সভাত ইন্দ্ৰ কুমাৰ চুংক্ৰাং , ভৱজিত দলে , ইন্দিৰা চিন্তে কুম্বাং,  উত্তম পেগু আদিয়েও বক্তব্য ৰাখে। প্ৰতিনিধিত্ব মূলক সভাত ভৱজিত দলেক সভাপতি , তিলেশ্বৰ দলেক সম্পাদক হিচাবে লৈ দৃৰবৃ কেবাং আৰু মহিৰাম পেগুক সভাপতি , বীৰেন পেগুক সম্পাদক হিচাবে লৈ বানে কেবাংৰ ঢকুৱাখনা জিলা সমিতি দুখন সৰ্ব সন্মতি ক্ৰমে গঠন কৰা হয়। অনাগত ৩ বছৰৰ বাবে নিৰ্বাচিত এই জিলা সমিতি দুখন পৰৱৰ্তী সময়ত  ৪১জনীয়াকৈ গঠন কৰা হব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in