ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ “মনস্বী” উন্মোচন

ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ “মনস্বী” উন্মোচন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ অন্যতম শক্তিশালী মহিলা সংগঠন ঢকুৱাখনা লেখিকা সমিতিৰ মুখপত্ৰখন শনিবাৰে এক গ্ৰাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। ঢকুৱাখনা বি এড কলেজত আয়োজিত অনুষ্ঠানটোত মনস্বী নামৰ মুখপত্ৰ খন উন্মোচন কৰে ঢকুৱাখনাৰ বিশিষ্ট শিক্ষাবিদ ডঃ কেশৱ হাজৰিকাই। প্ৰাক্তন শিক্ষয়িত্ৰী পদ্মা বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক হেম বৰুৱা, নিকুঞ্জ মোহন ফুকন আৰু নিবেদিতা লাগাচুৱে।

ঢকুৱাখনাৰ বহু সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰা এই উন্মোচনী সভাখনত ঢকুৱাখনা লেখিকা সমিতিৰ এই পদক্ষেপক প্ৰশংসা কৰি উন্মোচক গৰাকীয়ে নিজৰ ভাষণত কয় যে- যিকোনো এটা সংস্থা বা অনুষ্ঠানৰ বিবেকৰ প্ৰতিফলন ঘটিব লাগে তেওঁলোকৰ মুখপত্ৰখনত। আৰু লেখিকা সমিতিৰ এই মুখপত্ৰ খনত তাৰ সুন্দৰ প্ৰতিফলন ঘটিছে। প্ৰতিগৰাকী নাৰীকেই নিজৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে নিজ নিজ অঞ্চল বা মহিলা সমিতিৰ দ্বাৰা প্ৰকাশিত মুখপত্ৰ একোখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি প্ৰকাশ কৰি উন্মোচক গৰাকীয়ে ঢকুৱাখনা মহিলা সমিতিৰ মুখপত্ৰখন অতি সময়োপযোগী বিষয়বস্তুৰে সমৃদ্ধ মুখপত্ৰ বুলি প্ৰকাশ কৰে।

আনহাতে ঢকুৱাখনা মহিলা সমিতিয়ে বহু কেইগৰাকী সদস্যই সদৌ অসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰি ঢকুৱাখনালৈ নাম কঢ়িয়াই অনাৰ বাবে প্ৰতিগৰাকী সদস্যক শনিবাৰে সকলোৱে অভিনন্দন জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in