ঘিলামৰাত জলজীৱন আঁচনি সৃষ্ট গাঁতে মাতিছে বিপদ

ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট নিৰ্দেশ আছিল ৰাজপথৰ দাঁতিৰ বিপদজনক গাঁত আঁতৰ কৰাৰ

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত জলজীৱন আঁচনি সৃষ্ট গাঁতে মাতিছে বিপদ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট নিৰ্দেশ আছিল ৰাজপথৰ দাঁতিৰ বিপদজনক গাঁত আঁতৰ কৰাৰ। পথ নিৰ্মাণ সংস্থা অথবা ঠিকাদাৰৰ অবিবেচকী নীতিৰ বাবে যাতে ভয়ানক পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে।

Advertisment

পিছে ঢকুৱাখনাক এনে কঠোৰ নীতি নিৰ্দেশনাই স্পৰ্শ কৰিব নোৱাৰে । কাৰণ ঢকুৱাখনা মহকুমাত ঠিকাদাৰ আৰু চৰকাৰী বিষয়াৰ ইচ্ছাই আইন । ৰাইজৰ নিৰাপত্তাৰ বিষয়টোৱে গুৰুত্ব নাপাই ঢকুৱাখনা মহকুমাত । শেহতীয়া ভাবে মহকুমাটোৰ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনৰ এখন জলজীৱন আঁচনিৰ সৃষ্ট এটা বিপদজনক গাঁতে ইয়াকে প্ৰতিপন্ন কৰিছে।

উত্থাপিত ৰাজহুৱা অভিযোগ মতে ঢকুৱাখনা- গোগামুখ ৰাজ্যিক ঘাই পথৰ পৰা লামু গাঁও সংযোগী পথৰ দাঁতিত আৰু গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাই পথৰ ঘিলামৰা বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সমীপৰ কিছু অংশ জলজীৱন আঁচনিৰ পানী পৰিবাহী নলা স্থাপনৰ বাবে ঠিকাদাৰে পথৰ দাঁতিত খান্দি উন্মুক্ত অৱস্থাত পেলাই ৰাখিছে। পৰিণতিত অতি ব্যস্ত উক্ত পথেৰে যাতায়ত কৰা পথচাৰী অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে।

দৈনিক বিভিন্ন যান বাহনৰ চলাচল কৰা এই দুইপথৰ দাঁতিত এইদৰে পানীৰ পাইপ স্থাপন কৰিবলৈ খান্দি এনেকৈ উন্মুক্ত ভাবে পেলাই ৰখা অবিবেচকী কাণ্ডই ভয়াবহ বিপদৰো আগজাননী দি আহিছে। পথচাৰী ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় বিষয়া , ঠিকাদাৰক এই খন্দা পথৰ দাঁতি অংশ পুতি দিয়াৰ দাবী জনোৱা স্বত্তেও তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই কোনো পক্ষৰ।

ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ ক্ষণ গনা বিভাগীয় কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰৰ এনে বেপৰোৱা মনোভাবৰ বাবেই চিন্তিত নাগৰিক। যিকোনো মুহূৰ্তত বিপদৰ আগজাননী দি অহা এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত উপায়ুক্তৰ হস্তক্ষেপ কামনা কৰিছে পথচাৰী নাগৰিক সকলে ।

Also Read: ছুপাৰী ছিণ্ডিকেটঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পি এক জেৰা