Advertisment

ঢকুৱাখনাত ৭ বছৰে সম্পূৰ্ণ নহ'ল ৬.২৩ কোটিৰ প্ৰেক্ষাগৃহ

ঢকুৱাখনাত ৭ বছৰে সম্পূৰ্ণ নহ'ল ৬.২৩ কোটিৰ প্ৰেক্ষাগৃহ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত ৭ বছৰে সম্পূৰ্ণ নহ'ল ৬.২৩ কোটিৰ প্ৰেক্ষাগৃহ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ ইতিহাস আৰু স্বাভিমানৰ সৈতে সম্পৃক্ত এক প্ৰকল্প ।  ঢকুৱাখনাৰ ৰাজহুৱা সমাজ জীৱনৰ বাবে উৎসৰ্গিত এইটো প্ৰকল্প। প্ৰজাৰ মুকলি ব্যৱহাৰৰ বাবে ৰজা ঘৰে ৰূপায়ন কৰা এই প্ৰকল্পৰ নামত দৰাচলতে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি অনিয়ম।

Advertisment

ঢকুৱাখনাৰ নগৰৰ মাজ মজিয়াত ৰাজহুৱা ব্যৱহাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল এটা প্ৰেক্ষাগৃহ । প্ৰেক্ষাগৃহটোৰ সন্মুখত সংলগ্ন আছিল ১৯৫১ চনতে প্ৰতিষ্ঠা হোৱা ঢকুৱাখনা টাউন ক্লাৱৰ কাৰ্যালটো ।

চৰকাৰী বেচৰকাৰী সকলো পক্ষই নগৰৰ মাজ মজিয়াত স্থাপিত এই ৰাজহুৱা প্ৰেক্ষাগৃহটোত অনুষ্ঠিত কৰি আহিছিল বিভিন্ন কাৰ্যসূচী ।

ঢকুৱাখনাৰ স্বাভিমানী সন্তান পাপৰি কবি গণেশ গগৈৰ নামত উৎসৰ্গিত এই সাধাৰণ প্ৰেক্ষাগৃহতোলৈ ২০১৬ চনত চকু পৰিল বিধায়ক ,তদানীন্তন মন্ত্ৰী নৱ দলেৰ।

এটা বিজ্ঞানসন্মত আৰু অত্যাধুনিক ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ ঢকুৱাখনাবাসীক সপোন দেখুৱাই উক্ত স্থানত ২০১৬ চনৰ ১২ডিচেম্বৰত প্ৰাক্তন মন্ত্ৰী নব দলেয়ে স্থাপন কৰিছিল আধাৰশিলা। প্ৰতিশ্ৰুতি দিছিল এটা বছৰৰ ভিতৰত সম্পূৰ্ণকৈ নিৰ্মাণ কৰি উলিয়াব প্ৰেক্ষাগৃহতো ।

সেই উদ্দেশ্যৰে পূৰ্বৰ সমস্ত পকীগৃহ ,ক্ৰীড়া বিভাগৰ কাৰ্য্যালয় ভাঙি প্ৰায় ৬কোটি ২৩ লাখৰো অধিক পুঁজিৰে এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম আৰম্ভ হ'ল । বিধায়ক দলেৰ ঘনিষ্ঠ লোকনিৰ্মান গৃহ বিভাগৰ প্ৰতিষ্ঠিত ঠিকাদাৰ মহিম হাজৰিকাক দায়িত্ব দিয়া হ'ল প্ৰেক্ষাগৃহটো নিৰ্মাণৰ ।

নামত উক্ত ঠিকাদাৰৰ কাম আছিল যদিও বাস্তৱত নব দলেৰ অতি ঘনিষ্ঠ ঢকুৱাখনাৰ শইকীয়া আৰু ঘিলামৰাৰ দত্ত উপাধিৰ দুজন গেৰুৱা ৰাজ্যিক যুৱ নেতাৰ জৰিয়তে উক্ত ব্যয়বহুল আঁচনি ৰূপায়ন কৰা হৈছিল বুলি ব্যাপক চৰ্চা চলিছিল।

উক্ত শইকীয়া আৰু দত্ত উপাধিৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ গেৰুৱা নেতা দুগৰাকীযে প্ৰেক্ষাগৃহ নিৰ্মাণৰ নমত বাস্তৱত কি কৰিলে সেয়া কামৰ নমুনা দেখিলে সহজেই অনুমেয় ।

গেৰুৱা বিধায়ক নব দলেৰ ভাত ঘৰৰ  সংগী এই দুই  বিজেপি নেতাই বিগত প্ৰায় ৭ বছৰে সম্পূৰ্ণ কৰা নাই এই অভিলাষী প্ৰকল্পটো।

অতি শামুকিয়া গতি , মন্থৰ কাম কাজ , নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ , ক্ৰুটিপূৰ্ণ নিৰ্মান পদ্ধতিৰ বাবে বিগত ৭বছৰ অতিক্ৰম কৰাৰ পাছতো সম্পূৰ্ণতাৰ মুখ নেদেখিলে এই প্ৰকল্পটোৱে ।

যি কণ কাম সম্পন্ন কৰিছে সেয়াও অতি নিম্নমানৰ । নিৰ্মানৰত অৱস্থাতে ভাগি চিগি উৱলি গৈছে চিলিং । পকী বেৰত মেলিছে চিৰাল ফাট ।

মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ শিতানৰ ৬ কোটিলৈ লুলুপ দৃষ্টি দি এই দুই মুনাফালোভী গেৰুৱা নেতাই যি বেপৰোৱা নিৰ্মান চলাই গৈছে তাকলৈ ঢকুৱাখনাবাসী অসন্তুষ্ট ।

পিছে ৰাইজ বিতুষ্ট অসন্তুষ্ট হলেও কিন্তু তুষ্ট সন্তুষ্ট বিধায়ক নৱ দলে । সেয়ে চকুৰ সম্মুখত এই আধৰুৱা ক্ৰুটিপূৰ্ণ নিৰ্মান,অনিয়ম  আৰু চৰকাৰী পুঁজিৰ ব্যাপক  অপচয় দেখিও নিৰ্বাক বিধায়ক নব দলে ।

নিজৰেই ঘনিষ্ঠই দলীয় নেতাই সংঘটিত কৰা অনিয়ম আৰু চৰকাৰী পুঁজিৰ অপচয়ৰ বিৰুদ্ধে এষাৰ মাত মাতিবলৈ ভয় বিধায়ক নব দলেৰ । লোকনিৰ্মান গৃহ বিভাগৰ আমোলা বিষয়া সকলেও গ্ৰহণ কৰি আহিছে মুক বধিৰৰ ভূমিকা।

ৰাজনৈতিক বৈৰীতা সৃষ্টিৰ ভয়ত ভিজা মেকুৰীৰ ভাও লোৱা বিধায়ক নব দলেৰ এনে দায়িত্বহীন ভূমিকাৰ বাবে আজিৰ দিনত এই অৰ্ধ নিৰ্মিত প্ৰেক্ষাগৃহটো এক অন্তহীন ৰাজহুৱা সমস্যালৈ পৰ্যবসিত হৈছে ঢকুৱাখনাবাসীৰ মনত । উল্লেখযোগ্য যে ঘিলামৰা সদৰটো এনে এক আঁচনি আধাৰশিলা স্থাপনৰ পাছত সম্প্ৰতি এই প্ৰেক্ষাগৃহতোৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছত ৰাজহুৱা কামত ব্যৱহৃত হৈ আহিছে । কিন্তু  ঢকুৱাখনাৰ দুই গেৰুৱা নেতা শইকীয়া এণ্ড দত্ত কোম্পানীৰ সোপাধিলা নীতিৰ বাবে ঢকুৱাখনাবাসীৰ এই ৰাজহুৱা সম্পত্তিতোলৈ নামি আহিছে গভীৰ অনিশ্চয়তা ।

Also Read: প্ৰতিবাদী শ্লোগানেৰে উত্তাল বাক্সা পলিটেকনিক