ঢকুৱাখনাত বিশ্ব পৰিৱেশ দিৱস উদযাপন, পৰিৱেশ সুৰক্ষাৰ বাণী লৈ কণ কণ শিশুৰ সজাগতা ৰেলী…

ঢকুৱাখনাত বিশ্ব পৰিৱেশ দিৱস উদযাপন, পৰিৱেশ সুৰক্ষাৰ বাণী লৈ কণ কণ শিশুৰ সজাগতা ৰেলী…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত বিশ্ব পৰিৱেশ দিৱস উদযাপন, পৰিৱেশ সুৰক্ষাৰ বাণী লৈ কণ কণ শিশুৰ সজাগতা ৰেলী…

ডিজিটেল সংবাদ, ঢকুৱাখনা: "চিন্তা বিশ্বব্যাপী হওঁক…., কাৰ্যপন্থা স্থানীয় হওঁক…!" এষাৰ বিশেষ তাৎপৰ্য থকা বাক্য। এগৰাকী কণমানি শিশুৰ হাতত থকা ফেষ্টোন খনত এই বাক্যশাৰী লিখা আছে। আৰু কণমানিটোৱে আন শ শ শিশুৰ সৈতে ৰাজপথৰ দুয়োফালে থকা অজস্ৰজনক উদ্দেশ্যি মাথোঁ চিঞঁৰি গৈছে- 'গছ নাকাটিব, গছ থাকিলেহে মানুহ থাকিব'।

Advertisment

এখন সেউজীয়া বিশ্বৰ চিন্তাৰে নিজৰ চাৰিওফালৰ পৰিৱেশ নিকা কৰি ৰখাৰ লগতে বৃক্ষ ৰোপনৰ প্ৰয়োজনীয়তাক প্ৰতিজন মানুহে যাতে হৃদয়ংগম কৰিব পাৰে তাৰ বাবে এতিয়া যেন শিশুসকলেই ওলাই আহিবলৈ বেছি আগ্ৰহী। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ এটা ক্ষুদ্ৰ মহকুমা ঢকুৱাখনাৰ বিভিন্নপ্ৰান্তত পৰিৱেশ সুৰক্ষাৰ বাবে পুৱাৰ পৰা ওলাই আহিল অজস্ৰজন।

কণ কণ ছাত্ৰ ছাত্ৰী সকল বুধবাৰে বিদ্যালয় বন্ধ থকাৰ পাছতো হাতে হাতে ফুল আৰু অন্য গছৰ পুলি লৈ উপস্থিত হ'ল বিদ্যালয় আৰু ৰাজহুৱা স্থানত। এফালে প্ৰখৰ ৰদ যদিও কণ কণ শিশুবোৰৰ মাজত পৃথিৱীখন সেউজীয়া কৰাৰ বাসনা। পুৱা সমাপন কৰা এই মূল কাৰ্য্যসূচীৰ পাছত ঢকুৱাখনাৰ বিভিন্ন স্থানত পৰিৱেশ সুৰক্ষাৰ বাণীৰ ফেষ্টোন লৈ বহুতে বাহিৰ কৰে সজাগতা ৰেলী।

"পৰিৱেশ সুৰক্ষা কৰক, গছ নাকাটিব, বন্য জীৱ-জন্তুৰ হত্যা বন্ধ কৰক, অৰণ্য ধ্বংস বন্ধ কৰক, বায়ু প্ৰদূষণ ৰোধ কৰক, আমাক এখন সেউজীয়া পৃথিৱীত থাকিব দিয়ক, প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰক, প্ৰকৃতি ৰক্ষা কৰাত সকলোৱে আগভাগ লওঁক"- এইসমূহ সজাগতামূলক বাণী প্ৰচাৰ কৰিয়েই প্ৰতিগৰাকী শিশুৱে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত পুনৰবাৰ সকলোকে আকৌ এবাৰ সজাগ কৰিলে।

উল্লেখযোগ্য যে ঢকুৱাখনা নৰ্মাল স্কুল আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত ঢকুৱাখনাৰ হুজ গাঁও প্ৰাথমিক বিদ্যালয়ত বিস্তৃত কাৰ্য্যসূচীৰে পৰিৱেশ দিৱসৰ কাৰ্য্যসূচী পালন কৰাৰ সমান্তৰালকৈ ঢকুৱাখনাৰ নেচাৰ্ছ নৰ্থ ইষ্ট, হোমেন বৰগোহাঞি ন্যাসৰ দ্বাৰা বুধবাৰে ঢকুৱাখনাৰ চহৰৰ কাষৰ পলিথিনৰ দ্বাৰা প্ৰদূষিত অঞ্চলসমূহৰ লগতে চহৰৰ বিভিন্ন অঞ্চল পৰিষ্কাৰ কৰাৰ লগতে গছ পুলি ৰোপণ কৰে সদস্য সকলে।

ইফালে ঢকুৱাখনা মহকুমা প্ৰশাসনে ঢকুৱাখনাৰ প্ৰকৃতিপ্ৰেমী সংগঠন মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনা বিজ্ঞান সমিতি, ঢকুৱাখনা লেখিকা সমিতি, বীণাপানী ফাউণ্ডেচন, জ্যেষ্ঠ নাগৰিক মঞ্চ, কৰ্মচাৰী পৰিষদ আদিৰ সহযোগত ঢকুৱাখনা মহাবিদ্যালয়ত আয়োজন কৰে পৰিৱেশ দিৱস।

আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাই বুধবাৰে জিলা সেৱা বাহিনী আৰু জিলা আই মাতৃ কল্যাণ সমিতিৰ সহযোগত ঢকুৱাখনাৰ গোবিন্দপুৰ অঞ্চলত এক বিশাল পৰিৱেশ সজাগতা ৰেলী বাহিৰ কৰি হাৰ্হি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপণ কৰাৰ লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰে।

জিলা সভাপতি বলোৰাম দত্তৰ সঞ্চালনাত অনুষ্ঠিত সভা খনত ঢকুৱাখনা বহু কেইগৰাকী বিশিষ্ঠ শিক্ষবিদ উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলৰ আগত পৰিৱেশ সুৰক্ষাৰ ওপৰত ভাষণ আগবঢ়ায়। অনুষ্ঠানত কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে বৰগীত আৰু নাম পৰিৱেশন কৰে।