ঢকুৱাখনাত এন এইচ পি চিৰ বিৰুদ্ধে ৩ মিচিং সংগঠনৰ প্ৰতিবাদ

ঢকুৱাখনাত এন এইচ পি চিৰ বিৰুদ্ধে ৩ মিচিং সংগঠনৰ প্ৰতিবাদ

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত এন এইচ পি চিৰ বিৰুদ্ধে ৩ মিচিং সংগঠনৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ তীব্র বিৰোধিতাৰে মঙলবাৰে সন্ধিয়া ঢকুৱাখনাত তিনিটাকৈ মিচিং জাতীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। শেহতীয়াকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা সেউজ সংকেতৰ পাছতে উত্তৰ অসমৰ জনগণ, সংস্থা-সংগঠনৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে। এন এইচ পি চি'ক উক্ত প্ৰকল্পটো কোনোপধ্যেই নিৰ্মাণ কৰিবলৈ নিদিয়াৰ পণ লৈছে সংগঠনসমূহৰ ঐক্য মঞ্চই।

Advertisment

মঙলবাৰে সন্ধিয়া তিনিটাকৈ মিচিং জাতীয় সংগঠন ক্ৰমে টিএমপিকে, এমএমকে আৰু টিএমএমকেয়ে ঢকুৱাখনাৰ মাতমৰাস্থিত ব্ৰহ্মপুত্ৰৰ পাৰত জোঁৰ সমদল কৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনকেইটাৰ আহ্বানত ওলাই অহা সহস্ৰাধিক জনতাই বৃহৎ নদীবান্ধ নিৰ্মাণ হ'ব লগা নদীসমূহৰ নামনি অংশত বসবাস কৰা লোকৰ জীৱন, সম্পত্তি আৰু জৈৱ বৈচিত্ৰ্যপূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা নকৰা পৰ্যন্ত বন্ধ ৰখা আৰু ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নামনি অংশত পৰা কু-প্ৰভাৱ দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়।

প্ৰতিবাদকাৰী ৰাইজে অসম চৰকাৰ হুচিয়াৰ, এন এইচ পি চি গ' বেক, দুতলীয়া বিজেপি চৰকাৰ হায় হায়, মিছলীয়া কেন্দ্ৰীয় বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতাৰণা নচলিব আদি শ্ল'গানেৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ আকাশ বতাহ কঁপাই তোলে। এই প্ৰতিবাদী কাৰ্যসূচী মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে নেতৃত্ব দি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে।