সাংসদ প্ৰদান বৰুৱাৰ অমৃত কলহ যাত্ৰাঃ গঁঞাই নকৰিলে সহযোগিতা

সাংসদ প্ৰদান বৰুৱাৰ অমৃত কলহ যাত্ৰাঃ গঁঞাই নকৰিলে সহযোগিতা

ডিজিটেল সংবাদ, ঢকুৱাখনা: সাংসদ প্ৰদান বৰুৱাই চিঞৰিছে । ঘৰে ঘৰে পদুলিয়ে পদুলিয়ে থিয় হৈ গৃহস্থক মাতিছে উচ্চ স্বৰে অথবা হাত বাউল দি ।  গঞাৰ  পদূলিয়ে পদুলিয়ে থিয় হৈ সাংসদ বৰুৱাৰ এই নিমন্ত্ৰণ।

সাংসদ গৰাকীৰ এই নিমন্ত্ৰণলৈ কোনোৱে সঁহাৰি দিছে যদিও বহু সংখ্যকৰ কিন্তু কৰ্ণপাত নাই ।  পৰিণতিত এক বিৰক্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে সাংসদ বৰুৱা।  তথাপিও হাৰ মনা নাই সাংসদ গৰাকী। প্ৰচণ্ড ৰদত প্ৰায় এক কিলোমিটাৰ পথ খোজকাঢ়ি সাংসদ বৰুৱাই গৃহস্থলৈ জনোৱা নিমন্ত্ৰণৰ কাৰণ আছে।

দৰাচলতে বুধবাৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত হাৰ্হি পঞ্চায়তত অনুষ্ঠিত কৰা হৈছিল অমৃত কলহ যাত্ৰা কাৰ্যসূচী। পঞ্চায়ত ভিত্তিত অনুষ্ঠিত এই অমৃত কলহ যাত্ৰাত অংশ ল'বলৈ ব্যস্ততাৰ মাজতো উপস্থিত হৈছিল লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু। 

বুধবাৰে দুপৰীয়া দুই প্ৰভাৱশালী ৰাজনীতিক হাৰ্হি গাঁও পঞ্চায়ত কাৰ্য্যালয়ত উপস্থিত হয়। পূৰ্বৰে পৰা অপেক্ষাৰত আত্মসহায়ক গোটৰ কেইবা শতাধিক মহিলা , দলীয় কৰ্মী আৰু চৰকাৰী বিষয়া কৰ্মচাৰীযে মন্ত্ৰী সাংসদদ্বয়ক গায়ন বায়নেৰে ,ঢোলে দগৰে আদৰি আনিলে কাৰ্য্যালয়লৈ । কাৰ্য্যালয়ৰ সভা কক্ষত উপস্থিত হৈয়ে উপস্থিত ৰাইজৰ  সতে জুৰিলে অসম সংগীত ।

ইয়াৰ পাছতে মন্ত্ৰী সাংসদদ্বয়ে অমৃত কলহ যাত্ৰাৰ সন্দৰ্ভত চমু বক্তব্য ৰখাৰ পাছতে আৰম্ভ হয় অমৃত কলহ যাত্ৰা । পঞ্চায়তৰ কাৰ্য্যালয়ৰ পৰা এক কিলোমিটাৰ দূৰৰ হৰিমন্দিৰলৈ  বুলি আৰম্ভ কৰা অমৃত কলহ  পদযাত্ৰাৰ শুভাৰম্ভৰ পাছত গাঁওখনৰ কোনো এটা পৰিয়াল কিম্বা ব্যক্তিয়ে এই অমৃত কলহত মাতি দান কৰা পৰিলক্ষিত নহ'ল । গায়ন বায়ন , ঢোলে দগৰে প্ৰখৰ ৰদকো নেওচি আগবঢ়া যাত্ৰাত অংশ গ্ৰহণ কৰে মণ্ডল বিজেপিৰ সভাপতি প্ৰণৱজিত গগৈ , উপ সভাপতি পুতুল শইকীয়া , সাধাৰণ সম্পাদকদ্বয় দীপ্তি চুতীয়া , বিপুল দত্ত, ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া(ভাৰপ্ৰাপ্ত) সুদৰ্শন শইকীয়া ,  ঢকুৱাখনা এছ আৰ এল এমৰ বি পি এম বিজয় কৃষ্ণ কোচ, জিলা পৰিষদৰ সদস্যা টিটো মনি গোঁহাই চেতিয়া , অগপ দলৰ কেন্দ্ৰীয় নেতা সমুজ্জল চেতিয়া , দুলাল দত্ত আদি গৰিষ্ঠ সংখ্যকে।

এক উৎসৱ মুখৰ পৰিবেশৰে অগ্ৰসৰ হোৱা এই মাটি সংগ্ৰহ যাত্ৰাত সমীপৱৰ্তী ৰাইজৰ সহযোগীতা নেদেখি পদযাত্ৰাৰ পৰা ওলাই আগলৈ ঢাপলি মেলে সাংসদ বৰুৱাই। বহুতে তেওঁঁৰ আহ্বানলৈ গুৰুত্ব নিদিয়াত ক্ষুব্ধ সাংসদ গৰাকীক সন্তুষ্ট কৰিবলৈ হৰিমন্দিৰৰ সন্মুখত এটা পৰিত্যক্ত বস্তাত অলপ মাটি খান্দি মজুত কৰি ৰাখে দলীয় কৰ্মকৰ্তাই । কিন্তু সমগ্ৰ যাত্ৰা পথত ৰাইজৰ আশাব্যঞ্জক সঁহাৰি নাপাই সাংসদ বৰুৱাই তাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি আদৰণি গ্ৰহণ কৰি হৰিমন্দিৰত প্ৰৱেশ কৰে ।

মন্ত্ৰী ডাঃ পেগুৰ সহযোগত দক্ষিনা আগবঢ়াই সাংসদ বৰুৱাই সেৱা লয় ।পাছত যৎকিঞ্চিত মাটি বিশিষ্ট অমৃত কলহটো ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়াৰ হাতত প্ৰদান কৰি বিৰক্তিকৰ পদযাত্ৰাৰ সামৰণি মাৰে । সমগ্ৰ অমৃত কলহ যাত্ৰা পথত গৰিষ্ঠ সংখ্যক ৰাইজে সহযোগিতা প্রদর্শন নকৰা বিষয়টোকলৈ ব্যাপক চৰ্চা চলিছে পঞ্চায়তখনৰ ভিতৰে বাহিৰে।

সাংসদ প্ৰদান বৰুৱাৰ অমৃত কলহ যাত্ৰাঃ গঁঞাই নকৰিলে সহযোগিতা
ৰত্নাকৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in