ঢকুৱাখনা মহকুমাৰ উত্তীৰ্ণ হাৰ ৮৭’৫৪% ,সৰ্বাধিক নম্বৰ প্ৰাপক ৰাজঙ্গিনী গগৈ…

ঢকুৱাখনা মহকুমাৰ উত্তীৰ্ণ হাৰ ৮৭’৫৪% ,সৰ্বাধিক নম্বৰ প্ৰাপক ৰাজঙ্গিনী গগৈ…

author-image
asomiyapratidin
New Update
ঢকুৱাখনা মহকুমাৰ উত্তীৰ্ণ হাৰ ৮৭’৫৪% ,সৰ্বাধিক নম্বৰ প্ৰাপক ৰাজঙ্গিনী গগৈ…

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ ঘিলামৰা শংকৰদেৱ শিশু নিকেতনৰ মেধাবী ছাত্ৰী , ধেনুখণা অঞ্চলৰ কঠাল পৰা এম ই স্কুলৰ সহকাৰী শিক্ষক কৃষ্ণ কান্ত গগৈ আৰু ৰীনা গগৈৰ কন্যা ৰাজঙ্গিনী গগৈ মহকুমাটোৰ ভিতৰত মেধাবী শিক্ষাৰ্থী হিচাবে বিবেচিত হৈছে।

Advertisment

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল অনুসৰি ৰাজঙ্গিনী গগৈয়ে মহকুমাটোৰ মুঠ ২ হাজাৰ ৩৯৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত সৰ্বাধিক ৫৮৩ নম্বৰ লাভ কৰি এনে মেধাত্বৰ স্বীকৃতি অর্জন কৰিছে। ৰাজঙ্গিনীয়ে ইংৰাজী বিষয়ত ৯৮, সাধাৰণ বিজ্ঞান বিষয়ত ৯৭ নম্বৰ লাভ, গণিত বিষয়ত ১০০ , সমাজ অধ্যয়ন বিষয়ত ৯৪  আৰু ঐচ্ছিক গণিত বিষয়ত ১০০ নম্বৰ  সহ সৰ্বমুঠ ৫৮৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

সকলো বিষয়ত  লেটাৰ নম্বৰ লাভ কৰা ৰাজঙ্গিনী গগৈয়ে ৯৭'১৭ শতাংশ নম্বৰ লাভ কৰিছে । ঘৰুৱা বিভিন্ন প্ৰতিকূল পৰিবেশকো নেওচি এনে মেধাত্বৰে উজ্বলি উঠা ৰাজঙ্গিনীয়ে  ভৱিষ্যতে এগৰাকী  সু নাগৰিক আৰু বৃত্তিগত ভাবে মানব দৰদী চিকিৎসক হোৱাৰ লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ চল্ট ব্ৰুক কনিষ্ঠ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নামভৰ্ত্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনালে ।

সাংস্কৃতিক ভাবেও  প্ৰতিভাধৰ ,সুকণ্ঠী গায়িকা ,মেধাবী ছাত্ৰী ৰাজঙ্গিনী গগৈৰ এনে সফলতাত শংকৰদেৱ শিশু নিকেতন,ঘিলামৰাৰ প্ৰধানাচাৰ্য গোবিন চুতীয়া,  সমূহ আচাৰ্য- আচাৰ্য্যা আৰু বিদ্যালয় পৰিয়াল উৎফুল্লিত । কন্যাৰ এনে ইস্পিত ফলাফলত গৌৰান্বিত পিতৃ-মাতৃ আৰু আত্মীয় স্বজন তথা ঘিলামৰাবাসী ।

ইপিনে  মহকুমাটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা  মুঠ ২ হাজাৰ ৭৩৫ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে  ২ হাজাৰ ৩৯৭ গৰাকী উত্তীৰ্ণ হৈছে । ঢকুৱাখনা মহকুমাৰ উত্তীৰ্ণ হাৰ শতকৰা ৮৭'৫৪ শতাংশ। উত্তীৰ্ণ শিক্ষাৰ্থী সকলক ঢকুৱাখনা মহকুমা প্ৰশাসনে অভিনন্দন জনাইছে ।

আৰু পঢ়ক: বকো আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ১লাখ টকাৰ হেৰই'ন, গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী

assam dhakuakhana