/asomiyapratidin/media/media_files/2025/12/09/1-2025-12-09-17-31-25.jpg)
ডিজিটেল সংবাদ,বাক্সাঃ ত্ৰাণকৰ্তাৰ ৰূপত এগৰাকী প্ৰাক্তন সশস্ত্ৰ বিদ্ৰোহী সদস্য। অজস্ৰ লোকৰ জীৱনদায়িনী হৈ পৰিছে প্ৰাক্তন বিদ্ৰোহী সদস্যজন। নিজৰ অভিজ্ঞতা পুষ্ঠ চিকিৎসাৰে ইতিমধ্যে বহু লোকক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে এইগৰাকী প্ৰাক্তন আলফা সদস্যই। বাক্সা জিলাৰ জালাহৰ এইগৰাকী ব্যক্তিৰ নাম ধৈৰ্যধৰ নাথ ।
১৯৯৪ চনতে বিদ্ৰোহী সংগঠন ত্যাগ কৰি সাধাৰণ জীৱন-যাপন কৰিবলৈ লৈছিল। ইয়াৰ পূৰ্বে সংগঠনত থকাৰ সময়তে ম্যানমাৰত নাথে প্ৰায় তিনিমাহ ফিজিওথেৰাপিৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। কিন্তু মুলসুতিলৈ উভতি অহাৰ পাচৰে পৰা গৃহভূমি জালাহকে আদি কৰি বিভিন্ন স্থানত আৰম্ভ কৰি আহিছে ফিজিওথেৰাপিৰ চিকিৎসা ।
https://www.facebook.com/reel/1177204064582325
সম্প্ৰতি নিৰৱিচিন্ন ভাৱে নাথে চলাই আহিছে চিকিৎসা কাৰ্য । ইতিমধ্যে বহু লোকক পংগুত্বৰ পৰা নতুন জীৱন দিবলৈ সক্ষম হৈছে ধৈৰ্যধৰ নাথে। বৰ্তমান বাক্সা জিলাৰ মুছলপুৰত এক চেম্বাৰ খুলি লৈ নাথে সেৱা আগবঢ়াই থকাৰ সময়তে জিলাখনৰ সদৰ মুছলপুৰৰ সমীপৱৰ্তী বেলগুৰিপথাৰ বামুনপাৰা গাওঁৰ ৰাজীৱ দাস নামৰ এগৰাকী ৩৪ বছৰীয়া যুৱকৰ তেওঁৰ কৰ্মস্থলী গুজৰাটৰ এটি কাপোৰৰ কোম্পানীত কৰ্মৰত হৈ থকা অৱস্থাতে হঠাতে পেৰালাইচিচ হ'ল ।
ততাতৈয়াকৈ যুৱকজনক বন্ধুবৰ্গৰ সহায়ত নিজ ঘৰ বেলগুৰিপথাৰৰ বামুনপাৰালৈ লৈ অহা হ'ল । ঘৰলৈ আনিয়েই অভাবী পৰিয়ালটোৱে যুৱকজনক গুৱাহাটীৰৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা সেৱা অব্যাহত ৰাখিলে । পিছে বহু চিকিৎসা কৰিও যুৱকজনক ঠিক কৰিব নোৱাৰিলে পৰিয়ালটোৱে ।
অৱশেষত অৰ্থৰ অভাৱত যুৱকজনক একপ্ৰকাৰ সুস্থ হৈ উঠাৰ আশাই বাদ দিবলৈ লৈছিল পৰিয়ালটোৱে । কিন্তু তেনে সময়তে যুৱকজনৰ মোমায়েকে ৰাজীৱৰ দেউতাকক ধৈৰ্যধৰ নাথ নামৰ এইগৰাকী ফিজিওথেৰাপী চিকিৎচকৰ সন্ধান দিয়ে । আৰু অৱশেষত ধৈৰ্য্যধৰ নাথৰ চিকিৎসাৰ ফলত আজি যুৱকজন পুনৰ গুজৰাটলৈ যাৱলৈ ওলাইছে ।
অতি কম খৰচতে আৰু খুব কম দিনৰ ভিতৰতে চিকিৎসক ধৈৰ্যধৰ নাথে এনেধৰণৰ ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই আছে। বাৰুদৰ ধোৱা এৰি চিকিৎসা সেৱাৰ জড়িয়তে এক অনন্য জীৱন যাপন কৰি নাথ হৈ পৰিছে বহু লোকৰ বাবে ত্ৰাণকৰ্তা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us