/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/deuri-1.jpg)
ডিজিটেল সংবাদ,নাৰায়ণপুৰ : অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীয় লোকসকলৰ বৃহস্পতিবাৰে বহাগ বিহু ৷ পৰম্পৰা অনুসৰী বহাগ মাহৰ প্ৰথমটো বুধবাৰে দেউৰী জনগোষ্ঠীয় লোকসকলে পালন কৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে পালন কৰে বিহু তথা দেউৰী জনগোষ্ঠীয় লোকসকলৰ মতে বহাগীয় বিচু বা ইবাঁকু বিচু ৷
ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰটো জনগোষ্ঠীটোৰ লোকসকলে অতি উলহ-মালহেৰে হেঁপাহৰ বিহুটি উদযাপন কৰিছে । মহামাৰী ক'ৰোনাৰ ভয়াবহতাৰ মাজতে নাৰায়ণপুৰৰ কিনাপথাৰ,মাজৰ চাপৰি,পিছলা,জয়পুৰ,লংকাপুৰ,কাচিকতা দেউৰী গাঁৱৰ লগতে অসমৰ সৰ্ববৃহৎ দেউৰী গাঁও বৰদেউৰী গাঁৱৰ ৰাইজে উদযাপন কৰিছে বিহু ৷
বুধবাৰে উৰুকাৰ সন্ধিয়াৰ পৰা বৃহস্পতিবাৰে পুৱালৈকে গাঁৱৰ বৰপূজাৰীৰ ঘৰৰ চোতালত গাঁৱৰ ডেকা-গাভৰু সকলে বোকা বিহু মাৰি আনন্দ কৰাটো জনগোষ্ঠীটোৰ এক ঐতিহাসিক পৰম্পৰা । ৰঙালী বিহু উৎসৱ হ'লেও দেউৰী জনগোষ্ঠীয় লোক সকলৰ বাবে ই কেৱল ৰং ৰহইচৰ উৎসৱ নহয়, ই অতি প্ৰাচীন কালৰে পৰা চলি অহা কৃষি ভিত্তিক সাংস্কৃতিক মহোৎসৱ ।
জনগোষ্ঠীটোৰ লোক সকলে বিহুৰ দিনা পুৱা বিভিন্ন পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাটোও আন এক পৰম্পৰা । পুৱা বয়োজ্যেষ্ঠ সকলে ঘৰে ঘৰে চন্দ্ৰ সূৰ্য্যক সাক্ষী কৰি পূৰ্ব পুৰুষক পূজা-অৰ্চনাও কৰে । আনহাতে জনগোষ্ঠীটোৰ মহিলা সকলে ইতিমধ্যে ঘৰে ঘৰে বিভিন্ন পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথিক আপ্যায়নৰ প্ৰস্তুতি চলাইছে । এই বসন্ত উৎসৱটি দেউৰী জনগোষ্ঠীয় লোক সকলে কৃষি ভিত্তিক এক উৎসৱ হিচাপেও গন্য কৰি আহিছে ৷ কৃষিজীৱী জনগোষ্ঠীটোৰ লোক সকলে অতি উলহ মালহেৰে বহাগ বিহু উৎযাপনৰ পিছতে কৃষি কাৰ্যৰ লগত জড়িত হৈ পৰে ।