Published on:
Updated on:
- ডিমৌৰ দিখাৰী বাগিছাৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত জগু প্ৰজাক গ্ৰেপ্তাৰ।
- মৰাণৰ মিৰিহোলাস্থিত শহুৰেকৰ ঘৰৰপৰা মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জগুক।
- বৃহস্পতিবাৰে ধৃত জগু প্ৰজাই ৰাজপথতে ঘপিয়াই হত্যা কৰিছিল এহাল স্বামী-স্ত্ৰীক।
- পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কৰিছিল ভোলা প্ৰজা আৰু ৰমণী প্ৰজা নামৰ দম্পতীহালক।
- হত্যাকাণ্ডৰ পিছতে পলায়ন কৰিছিল অভিযুক্ত জগু প্ৰজাই।
- একাংশ ক্ষুব্ধ ৰাইজে শুকুৰবাৰে নিশা মৰিয়াই হত্যা কৰে জগুৰ ভাতৃ পুৰণ প্ৰজাক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in